জোনবাইৰ দেশত বহি:বিশ্বৰ উপস্থিতি? ‘গুগল মুন’ত বহিৰ্বিশ্বৰ যানৰ উপস্থিতি

জোনবাইৰ দেশতে সাজিম গাওঁ এখনি
তৰায়ে জ্বলাব চাঁকি...
জোনৰ দেশত ঘৰ সজাৰ সপোন পৃথিৱীবাসীৰ বাবে নতুন নহয়। পৃথিৱীৰ সীমা পাৰ হৈ মহাকাশৰ বুকুত নাও বাই জোনৰ বুকুত মানৱে পদাৰ্পণ কৰাৰো বহু বছৰ উকলিল। মাজে মাজে জোনৰ বুকুত কলনী স্থাপনৰ সপোন দেখি অহা হৈছে। মাৰ্ছ ওৱান নামৰ সংস্থাৰ উদ্যোগত আকৌ জোনবাইতকৈও দূৰৈত মঙল গ্ৰহত মানৱ বসতি স্থাপনৰ প্ৰচেষ্টা ইতিমধ্যেই আৰম্ভ হৈছে। কিন্তু মানৱ জাতিৰ এনেবোৰ প্ৰচেষ্টাৰ মাজতেই যেন বহিৰ্বিশ্বৰ প্ৰাণীয়ে আহি জোনবাইৰ বুকুত পদাৰ্পণ কৰিলেহি। শেহতীয়াকৈ WowForReel নামৰ ভৌতিক শক্তিৰ ওপৰত অধ্যয়ন আৰু ছবি নিৰ্মাণ কৰা সংস্থা এটাই মুকলি কৰা কিছু আলোকচিত্ৰ আৰু ভিডিঅই তেনে ইংগিতেই কৰিছে। উক্ত সংস্থাটোৱে Google Moon (Google Mapsঅৰ চন্দ্ৰপৃষ্ঠৰ মানচিত্ৰ সংস্কৰণ) অৰ সহায়ত চন্দ্ৰপৃষ্ঠত এক ত্ৰিকোণীয় মহাকাশযানসদৃশ বস্তুৰ 
গুগল মুনৰ ছবিত ৰহস্যময় ত্ৰিকোণীয় বস্তু
সৌজন্য: YouTube/wowforreel
উপস্থিতি ধৰা পেলাইছে। এই ত্ৰিকোণীয় আয়তনটো আচলতে কি তাক লৈ নিশ্চিত নহলেও কোৱা হৈছে এয়া হয়তো কোনো বহিৰ্বিশ্বৰ বুদ্ধিমান প্ৰাণীয়ে লৈ অহা মহাকাশযান। যিয়ে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছে আৰু হয়তো তাৰপৰাই পৃথিৱীৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি ৰৈছে। এই ত্ৰিকোণীয় আৰু দুই পিঠীয়া বস্তুটোৰ দুই কাষত আকৌ প্ৰায় ৯০° কোণত কেইটামান ডটচিহ্ণ পৰিস্কাৰকৈ দেখা গৈছে। শুনিলে হলিউডৰ কল্পবিজ্ঞান কাহিনীৰ চিনেমাৰ দৃশ্য যেন লাগিলেও এই ত্ৰিকোণীয় বস্তুটোৰ উপস্থিতি কিন্তু সঁচা আৰু ইয়াকে লৈ আৰম্ভ হৈছে জল্পনা কল্পনাৰ। আপোনাৰ হয়তো মনত পৰিব, ইণ্ডিপেন্দেন্স ডে শীৰ্ষক ছবিত বহিৰ্বিশ্বৰ প্ৰাণীয়ে পৃথিৱী আক্ৰমণ কৰিবলৈ জোনৰ বুকুতেই প্ৰথম প্ৰদাৰ্পণ কৰে। ট্ৰান্সফৰ্মাৰ ৩ নামৰ ছবিখনতো চন্দ্ৰপৃষ্ঠত বহি:বিশ্বৰ প্ৰাণীয়ে অৱতৰণ কৰা দেখুওৱা হৈছিল। এতিয়া গুগল মুনত দেখা যোৱা ছবিখন প্ৰকৃততে কি সেয়া অধিক পৰীক্ষা-নিৰীক্ষাৰ অন্ততহে জানিব পৰা হব। ইতিমধ্যে Techandgadgetnews নামৰ ৱেবছাইটটোত কোৱা হৈছে যে এই অসাধাৰণ বস্তুটো এখন উৰাজাহাজৰ পাখি দুখনৰ সৈতে সমূখভাগৰ সৈতে সাদৃশ্য আছে, আৰু বৰ্তমানলৈকে উদ্ভাৱন হোৱা গোপন বিমানৰ দৰেই যদিও ই পৃথিৱীত নিৰ্মাণ হোৱা যিকোনো বিমানতকৈ বহুগুণে ডাঙৰ। জোনৰ লুণাৰ ছাৰফেচত দেখা যোৱা এই বস্তুটোৰ অন্য কোনো গ্ৰহ বা উপগ্ৰহতেই পৃথিৱীবাসীয়ে চলোৱা অভিযানৰ কোনো যানৰ সতেও সাদৃশ্য বিচাৰি পোৱা হোৱা নাই। অধিক পৰীক্ষাইহে এয়া আচলতে বহিৰ্বিশ্বৰ মহাকাশযান নে ফটোগ্ৰাফীত হোৱা কোনো পৰিঘটনা সেয়া নিশ্চিত কৰিব পাৰিব।