যাত্রা

বৰ অসহায় হৈ যাপন কৰিছো
মোৰ ৰিক্ত পৃথিৱীৰ দিন ৰাতি
পদুলি ভৰা বৰষুণ
আৰু আবেলি ভৰাই তোলা সোণাৰুবোৰ
ক’ত হেৰায় ??
ক’ত হেৰায় স্মৃতিৰ সেউজীয়া কঁপাই
উভটি অহা শেষ নিশাৰ বৰষুণৰ কবিতা
কাৰ দুচকুৰ সীমনাত অস্ত হয় মোৰ আকুল আকাশৰ সুৰুয
হৃদয় ৰিক্ত কৰি বাৰে বাৰে কোনে বোৱাই আনে দুখৰ বৰদৈচিলা