এখন স্মৰণীয় বিয়া, যৌতুক ইত্যাদি....

      প্ৰায় দুবছৰমান আগতে বিহাৰৰ এখন সৰু চহৰলৈ গৈছিলো, এগৰাকী বন্ধুৰ ভাতৃৰ বিয়াৰ উপলক্ষ্যত। মোৰ বাবে সেই বিবাহ অনুস্থানটো বহুদিনলৈকে মনত ৰৈ যোৱা এটি ঘটনা। প্ৰথম কাৰণ হিন্দী চিনেমাত দেখাৰ দৰে এখন বিয়া বাস্তৱত দেখিবলৈ পোৱাটো। কিন্তু এই কাৰণটোৱে বিয়াখন মনত ৰাখিবলৈ মোক যিমান প্ৰভাৱিত কৰিছিল, তাতকৈ বহুগুণে বেছি প্ৰভাৱিত কৰিছিল অন্য কেইটামান কাৰণে। বন্ধুভাতৃৰ লগত আমি বৰযাত্ৰী হিচাপেও যাবলগীয়া হৈছিল। কইনাৰ ঘৰ আছিল প্ৰায় আশী কিলোমিটাৰমান নিলগত এখন পিছপৰা গাঁৱত। সন্ধিয়া সময়ত আমি বৰযাত্ৰী হিচাপে যাত্ৰাৰম্ভ কৰিছিলো পোন্ধৰখনমান এছ.ইউ.ভি.ত এশমান মানুহৰ দলৰ অংশ হৈ। দৰা ছফটৱেৰ অভিযন্তা, মোটা অংকৰ দৰমহাৰ অধিকাৰী, বিদেশতো থাকি আহিছে এবছৰমান। গতিকে ইমান বিশাল বৰযাত্ৰীৰ দল বিলাসী গাড়ীৰে সমদল কৰি যোৱাটোত বৰ বেছি আচৰিত হোৱা নাছিলো। হয়তো দৰাৰ পৰিয়াল আৰু বন্ধুবৰ্গ বহুত বেছি আৰু সকলোৱে এই শুভমূহুৰ্তৰ সংগী হব বিচাৰিছে। চহকী দৰাইও হয়তো পাৰ্যমানে খৰছ কৰিছে। কিন্তু পিছতহে জানিব পাৰিলো এই বিশাল সমদলৰ বাবে দৰাপক্ষই এপইচাও খৰছ কৰা নাই। সকলো খৰছ বহন কৰিছে কইনাপক্ষই। যিয়েই নহওক, এই যাত্ৰাত মই বিহাৰৰ বাট-পথবোৰ নিৰীক্ষণ কৰাৰ চেষ্টা কৰিছিলো। তেতিয়া নিতীশ কুমাৰে বিহাৰক উন্নয়নৰ শিখৰত তোলা সম্পৰ্কীয় বহুতো বাতৰি প্ৰকাশ পাই আছিল (মোডী মেনিয়া তেতিয়াও অহা নাই)। মই যিমানদূৰ দেখিলো সঁচাই ৰাস্তা ঘাট যথেষ্ট আহল-বহলকৈ আৰু বহুত সুন্দৰকৈ পৰিকল্পিতভাৱে নিৰ্মাণ কৰা যেন লাগিল। কিন্তু নিতীশ কুমাৰক মনে মনে প্ৰশংসা কৰিবলৈ লওতেই ঘাইপথ এৰি গ্ৰাম্য পথত গাড়ী চলিবলৈ ললে আৰু দুডালমান হাড়ে বিদ্ৰোহ কৰা যেন লাগিল। উন্নয়নৰ ফটাঢোল তৰুণ গগৈ কিম্বা নিতীশ কুমাৰ যিয়েই নিপিটক, সেই ঢোলৰ শব্দৰ চৰিত্ৰযে একে বুজি পাবলৈ মোৰ বেছি সময় নালাগিল। যাত্ৰা যি ঠাইত শেষ হল, তাত গাড়ীৰপৰা নামি কিন্তু সেয়া বিবাহস্থলী যেন নালাগিল। ভালকৈ চাই দেখিলো সৰ্বশিক্ষা অভিযানৰ ফলক লাগি থকা এখন প্ৰাথমিক বিদ্যালয় প্ৰাংগণতহে সকলো গোট খাইছে। মই ভাবিলো ইয়াত হয়তো বিদ্যালয় প্ৰাংগণতে বিয়া পাতিব পাৰে। বিদ্যালয়ৰ ভিতৰত বেছ আৰামী আসন পাৰি থোৱা আছিল, তাতেই সকলোকে বহুৱালে আৰু গ্লুকজ পানীৰে আপ্যায়ন কৰিলে। তাৰ পিছতেই বৰযাত্ৰী হৈ অহা মোছাল বৃদ্ধকেইজনে লৈ অহা তিনিটামান ব্ৰীফকেচ কইনাপক্ষক হস্তান্তৰ কৰিলে। ব্ৰীফকেচকেইটাত কি আছিল জানিবলৈ কৌতুহল উপজিলেও সেয়া জানিবলৈ কোনো উপায় নাছিল। অৱশ্যে তৰিৎগতিত কঢ়িয়াই নিয়া দেখি সেইকেইটা খালী যেনো লাগিল, কিন্তু খালী ব্ৰীফকেচ কিয় দিব, নিশ্চয় উপহাৰেৰে ভৰাই দিছে বুলি ভাবি ললো। অলপ পিছতেই বিদ্যালয় প্ৰংগণত তীব্ৰ শব্দৰে গান-নাচ চলিবলৈ ধৰিলে, মোৰ বাবে সেয়া আছিল আকৰ্ষণীয়। যেন হিন্দী চিনেমাত দেখা বিয়া এখনতহে উপস্থিত আছিলো মই। আধাঘন্টামানৰ পিছত বিদ্যালয় এৰি বৰযাত্ৰীসকলক বেণ্ডপাৰ্টিৰ গীত-নৃত্যৰে আগবঢ়াই লৈ গল। তেনেই সৰু ৰাস্তাটোৰ দুয়োপিনে মাজে মাজে দেখিছিলো চাপৰ মাটিৰে সঁজোৱা ঘৰ একোটাৰপৰা বাৰাত চাবৰ বাবে ওলাই আহিছে উৱলি যোৱা কাপোৰেৰে ওৰণি লৈ থকা মহিলা আৰু মলিয়ন সাজেৰে কেইটামান লৰা ছোৱালী। প্ৰায় এক কিলোমিটাৰ মান খোজকাঢ়ি যোৱা ৰাস্তাত একেই দৃশ্য। অৱশেষত তীব্ৰ আলোকেৰে আলোকিত ঠাইডোখৰ দেখিয়েই গম পালো সেয়াই বিয়াঘৰ। দৰিদ্ৰ গাঁওখনৰ মাজত যে তেনে এক পৰিৱেশ পামগৈ অলপ আগলৈকে ভাবিবই পৰা নাছিলো। কইনাপক্ষৰ আদৰণিৰ মাজেৰে বিবাহস্থলীত বহিলোগৈ। লগে লগেই বিভিন্ন তৰহৰ মুখৰোচক খাদ্যবস্তু, শীতল পানীয়, ফল-মূলেৰে আপ্যায়ন আৰম্ভ হৈ গল। প্ৰথম পৰ্যায়ৰ পিছত মূল ভোজতো আকৌ বিভিন্ন তৰহৰ খাদ্যবস্তুৰ সৈতে মিঠাই, আইচক্ৰীমলৈকে একো বাদ নপৰিল। মুঠতে মই আগেয়ে নেদেখা এক পৰিৱেশ। বিয়াৰ প্ৰত্যেকটো স্তৰতে কইনাপক্ষই নিজৰ চহকী অৱস্থাৰ পৰিচয় দিবলৈ চেষ্টা কৰা বুলি স্পষ্টকৈয়ে বুজি পোৱা যায়। এপেট খাই আমি কেইজনমান বন্ধুৱে কইনাঘৰৰ পদুলিলৈ ওলাই গৈছিলো। গৈ যি দেখিলো সেয়া বহুদিনলৈকে মোৰ চকুৰ আগত ভাহি থাকিল। কইনাঘৰৰ পদূলিত উচ্চগ্ৰামত বাজি আছিল ভোজপুৰী গীত অহৰহ। আৰু ঠিক বিপৰীত দিশত তেনেই চাপৰ মাটিৰ ঘৰ এটিৰ মজিয়াত শিশু এটিক সাৱটি শুই আছিল এগৰাকী মহিলা। বিয়াঘৰৰ উজ্জল পোহৰে পোহৰাই তুলিছিল খোলা দুৱাৰেৰে(আচলতে দুৱাৰ নাছিলেই, মাটিৰ ঘৰটোত ওলোৱা সোমোৱা কৰিবলৈ ৰখা বহল বাট এটাহে আছিল বোধকৰো!) ঘৰটোৰ মজিয়ালৈকে। কাণ তাল মৰা শব্দ অথবা উজ্জল পোহৰ সকলো নেওচি শুই আছিল সেই মহিলা নিজ শিশুক সাৱটি। হয়তো বিগত দিনটোৰ শ্ৰম আৰু অনাগত দিনটোত পুনৰ কৰিবলগীয়া সংগ্ৰামৰ চিন্তাই মানুহগৰাকীক উচ্চগ্ৰামৰ শব্দ আৰু পোহৰক অৱজ্ঞা কৰিবলৈ বাধ্য কৰিছিল। অলপ দুৰৈত আছিল আৰু এটা একেধৰণৰ ঘৰ। খোলা দুৱাৰ। কিন্তু বিয়াঘৰৰ পোহৰে তাৰ মজিয়া চুবলৈ পোৱা নাছিল। নহলে হয়তো তাতো দেখিলোহেতেন অনুৰূপ দৃশ্য। মোৰ বাৰে বাৰে অনুৰাধা শৰ্মা পূজাৰীৰ চাহেবপুৰালৈ মনত পৰিছিল। ঘটনাক্ৰমে বিহাৰৰ সেই গাঁওখনলৈ গৈ মইও যেন অন্য এক চাহেবপুৰাৰ প্ৰতিচ্ছবিয়েই দেখিছিলো। যত দৰিদ্ৰ জনগনক এতিয়াও কোনো চৰকাৰী উন্নয়ন আচনিয়ে চুবগৈ পৰা নাই।
বিবাহ মণ্ডপলৈ উভতি আহিছিলো। বিয়াৰ আনুস্থানিকতাবোৰ চাই বহি থাকোতে বন্ধু এগৰাকীয়ে সুধিছিল কেনে দেখিছ বিহাৰৰ বিয়া? তহঁতৰ অসমতো একেধৰণেই বিয়া হয়নে? মই উত্তৰ দিছিলো অসমৰ মানুহেও বিয়াত খুউব ফুৰ্তি কৰে। কিন্তু ৰীতি- নীতিবোৰ অলপ বেলেগ। ওচৰতে বহি থকা যুৱক এজনে মাজতে মাত লগালে- তুমি অসমৰ নেকি? মই অলপ ভয়েই খাই গৈছিলো হঠাৎ অচিনাকি(সম্ভৱত: কইনাপক্ষৰ আছিল তেওঁ) এজনৰপৰা প্ৰশ্ন শুনি। তথাপি তেওঁক জনালো যে হয়, মই অসমৰ। বেছ উচ্ছাসেৰে তেওঁ কবলৈ আৰম্ভ কৰিলে তোমালোকৰ বিয়াবোৰ চাগে খুউব ধুনীয়া হয় নহয়নে? খৰছো চাগে বেছি নহয়। মই সুধিলো কিয় তেনেকৈ কৈছে। তেওঁ মোক জনালে তেওঁ টিভিত দেখিছে অসমৰ মানুহে যৌতুক নলয়। ছোৱালীয়ে নিজৰ ঘৰৰপৰা একো লৈ যাব নালাগে। বৰ ভাল কথা। হামাৰে য়াহা তো দহেজ কে নাম চে কংগাল হোনা পৰতা হেয়প্ৰথমবাৰৰ বাবে অসমৰ বাহিৰত অসমীয়াৰ বিষয়ে ইমান ধুনীয়াকৈ প্ৰশংসা শুনি মোৰ বুকুখন আধাফুটমান বহল হৈ গল। অসমীয়া সমাজত যে যৌতুকৰ স্থান নাই, অসমীয়াই যে যৌতুক কেতিয়াও নলয় সেই বিষয়ে তেওঁৰ আগত ভালকৈ বক্তৃতা এটা দি আহিলো। সেই বিহাৰী যুৱকেও মোৰ কথাবোৰ শুনি মুগ্ধ হোৱা যেন লাগিল। এতিয়াও অসমীয়া বাতৰি কাকতৰ ভিতৰৰ পৃষ্ঠাত যেতিয়াই যৌতুকজনিত কাৰণত হত্যা, আত্মহত্যাৰ বাতৰি পঢ়িবলৈ পাও, সেই বিহাৰী যুৱকজনৰ সপ্ৰশংস চাৱনিটো মনত ভাহি উঠে। বেচেৰাই চাগে এতিয়াও ভাবি আছে অসমীয়া মানুহে সঁচাই যৌতুক নলয় বুলি। অথচ যৌতুক নামৰ ব্যাধিটো অসমীয়া সমাজত ভালকৈয়ে শিপাইছে। টেলিভিছন চিৰিয়েলে মেহেন্দী আদি উত্তৰ ভাৰতীয় ৰীতি অসমীয়া বিয়াৰ মাজলৈ আমদানি কৰাৰ সমান্তৰালভাৱে যৌতুক বোলা ব্যাধিটোও বৰ বেয়াকৈ অসমীয়াৰ মানসিকতাত সুমুৱাই দিছে। যৌতুকজনিত হত্যা/আত্মহত্যাৰ বাতৰি কাকতৰ মাজৰ পৃষ্ঠাত বাতৰি হৈ ওলায়, আমি হেডলাইন পঢ়ি থৈ দিও আৰু অসমীয়াই যৌতুক নলয় বুলি গৌৰৱ কৰি থাকো। ভালকৈ মন কৰিলে দেখা যায়, যৌতুকজনিত ঘটনাবোৰত জড়িত সকলোবোৰ কিন্তু কোনো বাৰ্মা, গুপ্তা বা চেৰাউগী নহয়। অসমীয়াই যৌতুক নলয় বোলা গৌৰৱৰ মাজে মাজে কোনোবা শ্ৰীমতী কলিতা, হাজৰিকা বা বৰুৱা যৌতুকৰ বলি হৈয়েই আছে। আৰু বিজতৰীয়া প্ৰথাবোৰ খুব সহজেই আকোৱালি লোৱা অসমীয়া সমাজত এয়া হৈয়েই থাকিব। কোনোবা আমিৰ খান বা অন্য চেলিব্ৰিটীয়ে বছৰি কিমান অসমীয়া নাৰী যৌতুকজনিত অপৰাধৰ বলি হয় সেয়া ৰাষ্ট্ৰীয়ভাৱে সম্প্ৰচাৰিত টেলিভিছনত সমীক্ষাসহ দেখুৱাই নিদিয়ালৈকে আমিও হয়তো গৌৰৱ কৰিয়েই থাকিম অসমীয়া ছোৱালীয়ে বিয়াত এটুকুৰা সূতাও নিজৰ ঘৰৰপৰা লৈ নাযায় বুলি।