নতুন দিন, নতুন
ৰাতিপুৱা
নতুন এটি
আস্থানৰপৰা আৰম্ভ হয় মোৰ যাত্ৰা
আৰম্ভ হয়
প্ৰাচীন এক অন্বেষণ ।
ক’ত পাম আকাংক্ষিত
পোহৰৰ দ্বীপ
স্বপ্নমূখী গান
আৰু কবিতাবোৰৰ নামত সমৰ্পিত
ৰাতিপুৱা আৰু
আবেলিৰ ৰ’দালি
সুনীল আকাশে
সোঁৱৰায় প্ৰতিপল
বিষ্মিত অতুল
সম্ভাৱনাৰ কথা
গছবোৰৰ কাষ চাপি
আহে সমস্ত বতাহ
পথৰুৱা আলিত
অংকিত হৈ যায়
অযুত অলেখ
সোণালী হাঁহি
আশাবোৰে আহি
জিৰায় চৰাইৰ ডেউকাৰ ছাঁত ।
কৃষকসকলৰ চৌপাশে
বাঢ়ি আহে ধান
ধানবোৰ হয় গান
মোৰো স্বপ্নৰ
চৌপাশে বাঢ়ে জোনাকৰ বান
এইদৰেই স্মৰণীয়
এটি দিনৰ স্বপ্নই
বুকুত গজালি
মেলে
আশাৰ বালিচৰত
ফুলি উঠে – ঘৰমূখী নক্ষত্ৰ ।