নামহীন ৰঙেৰে
ৰঙাব খুজিছো আকাশখন
সপোনৰ পৃথিৱীত
বাজিছে গৰখীয়া বাঁহীৰ সুৰ
সেই পৃথিৱীতে
মোৰ সুৰীয়া সপোনৰ চ’ৰাঘৰ ।
মৰহা দিনবোৰ
পাহৰি বুকুত গুজি দিও কপৌফুল
ক’ৰবাত জানোচা
বাজি উঠা শুনো লাহৰী গগণা
জানোচা ক’ৰবাত ফুলি উঠে
নাহৰ ফুলাৰ সমদল
জানোচা পাই যাও
এজাৰ ফুলৰ মোহনাত
মোৰ আকাংক্ষিত ব’হাগ ...
মেঘমল্লাৰ ৰাগ হৈ এজাক
বৰষুণ মাতিব পৰা হ’লে !
যি বৰষুণ সৰিব
সকলোৰে কলিজাৰ কোহে কোহে
যি বৰষুণে জগাই
তুলিব ভালপোৱাৰ উন্মাদনা
যি বৰষুণে মুক্ত
কৰিব
কংক্ৰিট্
পৃথিৱীৰ বন্দী কেতেকীৰ কণ্ঠ ।
যি বৰষুণে জীপাল
কৰি তুলিব চ’তৰ বতাহ
আৰু হৃদয়ৰ
কন্দৰত অংকুৰিত কৰি তুলিব
কপৌফুলৰ দৰে
কোমল, পেপাৰ সুৰৰ দৰে উন্মাদ
জেতুকাৰ বোলৰ
দৰে ৰঙীণ
আমাৰ আকাংক্ষিত
ব’হাগ
তেনে এজাক
বৰষুণৰ অপেক্ষাত
ৰৈ আছো – পাহৰণি নামৰ বাট এটিৰ সিপাৰে