কেইটিমান স্তৱক

১. সপোনত

ৰৈ আছো
চিৰালফটা হেপাঁহৰ দ্বীপ এটিত
বতাহত ভেজা দি ।
সেউজীয়া ধাননিৰ স্বপ্নই মাতিছে মাজনিশা টোপনিত
গৈ গৈ পাও নিৰ্জনতাৰ আকাশীলতা
মেৰিয়াই ধৰে মোক
কলিজাৰ ৰস চুহি খাবলে ।

২. তোমাৰ আৰু মোৰ

আমাৰ দুয়োৰে একেখনি আকাশ
ত তোমাৰ শেৱালি শুকুলা স্বপ্নৰ চিলা উৰে
ত তোমাক আৱৰি থাকে হেঙুলীয়া বেলি
আৰু মোৰ আশাৰ হেলিকপ্টাৰ উৰে
নীলা চৰাইৰ ডেউকাৰ আঁৰে আঁৰে ...

৩. আশা

মোৰ হাতত হাত থোৱা
কৃষ্ণচুড়াৰ দৰে ফুলি উঠো কিছুপৰ ।
সমূখৰ বাট ধূসৰ নিৰ্জনতাৰ দৰে...
যাদুকৰী বতাহ এচাটি হৈ মোক লৈ যোৱা
পাৰ হৈ শিমলু ফুলৰ নৈ...