এজাক সপোন যেন বৰষুণ

ফুলি উঠিছে সোণাৰু ৰ
বাজি উঠিছে হালধীয়া হাঁহিৰ সন্মোহনী বাঁহী

আৰণ্যক এন্ধাৰ খান্দি ভাগৰি পৰাৰ পৰত
তুমিয়েইতো দেখুৱাইছিলা আকাশ
সংগোপনে মোক কন্দুৱাই নামি আহিছিল শাৰদী ৰাতিৰ বৰষুণ
ডাঁৱৰৰ বুকুতোযে দূখৰ শইচ
আকাশক দিবলৈ কঢ়িয়াই ফুৰিছিল ৰামধেনুৰ হাঁহি

আজিও ওলাইছেনে জোন ?
ওলাইছেনে তৰাবোৰ এন্ধাৰ গছকিবলে ?
তোমাৰ খিৰিকীমুখত পোহৰৰ বতাহী সূতাত
ওলমি ৰৈছেহিনে দুটিমান তৰা
অথবা সপোন যেন লগা এজাক জোনাকী পৰুৱা


তুমিতো নাজানা এজাক সোণাৰুবুলীয়া ৰদৰ হেপাঁহত
যাদুকৰী বাঁহীৰ সুৰৰ ৰাগীত
মই কিদৰে আজিও ব্যাকুল হৈ দৌৰি যাও
বৰষুণত তিতিবলে
(এটি নীলা ছাটিৰ তলত তুমি মোক
বৰষুণত তিতবলেনিদিছিলা…)
নাজানা তুমি
কিদৰে ডুবি থাকো এন্ধাৰৰ বুকুত
নতুবা
দেওলগা ৰাতিৰ শেষ বৰষুণজাকৰ কোলাত !!