হেপাঁহ

এদিন নিস্তৰংগ আবেলি
তোমাৰ কাষলৈ উভটি যাম
অতীত নিৰাই লৈ যাম স্বপ্নৰ মাধুকৰী
তোমাৰ ওঠত বেলি ডুবা দেখিলে
কপি উঠে মোৰ সত্বাৰ অহংকাৰ
কজলা ৰাতিৰ এন্ধাৰ ফালি নোৱাৰিলে আগুৱাব
কিদৰে দেখিম ৰামধেনুৰ স্বপ্ন
কিদৰে চুই চাম তোমাৰ হেঙুলীয়া দুহাতত
মোৰ কলিজাৰ ৰেখাচিত্ৰ...

তোমাৰ চুলিৰে নিগৰি নামে বিষণ্ণ বিয়লি
বুকুত তোমাৰ বাঢ়ি আহে নীলবৰণীয়া মেঘ ।
মেঘবোৰৰ মাজে মাজে মই চিলা উৰুৱাম
তোমাৰ চুলিৰ শিতানত গুজি যাম ৰামধেনুৰ শইচ্
ৰহস্যময় এক সপোনৰ দৰে
ইয়াকেই কঢ়িয়াই ফুৰিছো মই
প্ৰতিনিয়ত... মোৰ অভ্যন্তৰত ।