এখন আকাশ

সকলোৰে বুকুৱে বুকুৱে আকাশখন
হৃদয় বৰণীয়া ।
বেলি উঠাৰ ছন্দধ্বনি শুনি যত তৰাবোৰে নাও মেলে
হেপাঁহৰ বসন্তই যত ভালপোৱাৰ গীত জোৰে ।
বনজুইৰ দৰে বাঢ়ে আশা
কলিজাত মূখ গুজি আপুনি উভটিব খুজিছে
নেদেখা অতীতৰ সিপাৰলে

কোনোবা এদিন আকাশখনৰ পৰিসীমাত
ৰামধেনুৱে গজালি মেলিব খোজা আবেলি
আপুনি যদি মেলি ধৰে নীলা ছাতি
হেৰুৱাব আপুনি বৰষুণৰ সংগসূখ
আৰু যদি মেলি দিয়ে বতাহী ডেউকা
আপুনিও চাগে এপলক উৰি চাব পাৰে
ভ্ৰমণ কৰি আহিব পাৰে টোকোৰা চৰাইৰ দেশ ।
চৰ্ত এটাই
বুকুৰ দুৱাৰ খুলি
সোমাই পৰিব লাগিব আকাশখনৰ নীলিমাত ।

সকলোৰে বুকু্ৱে বুকুৱে আকাশখন
সাঁচিপাতৰ দৰে
কৰুণতা আৰু বিশালতা একেলগে সামৰি ।