প্ৰিয় কবি, প্ৰিয় কবিতা

                                এই পৃষ্ঠাত মোৰ ভাললগা কিছু কবিতা, গল্প, নিবন্ধ সংকলন কৰাৰ চেষ্টা কৰিছো...।
ভোগালি

              -হীৰেণ ভট্টাচার্য   
তুমিতো জানাই
এই কবিৰ আৰু একো নাই ।
এটাই মাথো কামিজ
তাৰো চিগো চিগো চিলাই ।
প্রেম নিশ্চয় এনেকুৱাই
আবৰণ খুলি হৃদয় জুৰায় ।

ৰৌদ্র-কামনা
              -হীৰেণ ভট্টাচার্য
উজাগৰ ৰাতি
সপোন দেখিছোঁ মই
ফুল আলসুৱা তোমাৰ মুখৰ
শইচ-সোণালী হাঁহি ।

অযুত তৰাৰ ঘুমটি ভাঙি
যেন সূর্য আহিছে নামি !

তোমাৰপৰা মোলৈ
             - হীৰেণ ভট্টাচার্য
তোমাৰপৰা মোলৈ উভটি
আহিবলৈ মোৰ বহুপৰ লাগে ।
সনির্বন্ধ এন্ধাৰেৰে হাস্নাহানাৰ সুৰভি
যেতিয়া উৰি আহে গোপনে গোপনে
মই সেই পৰলৈকে তোমাৰ কাষতে
ৰৈ থাকোঁ ।

মোৰ সপোনত এটা চঞ্চল হৰিণা পোৱালি
ওৰে ৰাতি ডেও দি থাকে ।
উভটি যে মই আহিব নোৱাৰোঁ

মোৰ আৰু পৃথিৱীৰ
              -হীৰেণ ভট্টাচার্য
কাৰ কাৰণে কবিতা, সুর্যৰ শুদ্ধতা ? সমুখৰ বাট জলক্‌-তবক্‌,
বাওঁহাতৰ টিপত মৰে কুশীলব, জননীৰ বুকুত কালযমুনা ।
কাৰ কাৰণে কবিতা, সূর্যৰ তেজস্বীতা ? ছহিদৰ হাড়
শিয়াল-কুকুৰৰ ভোজ, স্বাধীনতাৰ বিপন্ন মুখ !

কাৰ কাৰণে কবিতা, তাপস কবিৰ তেজৰ শলিতা ?
মই এক বিপুলায়তন নাটকৰ গর্ভাংকৰ গভীৰৰ নাটকীয় মুহুর্তত,
মোৰ অসহায় চকুৰ আগত বিশাল শব্দকল্পদ্রুম,
উদগ্র জীৱন শক্তিত স্ফীত শাখা-প্রশাখাত
উৎসৱান্ত ধুমুহাৰ কোলাহল;
মুক্ত, উদ্ধত আৰু সুস্পষ্ট বিবেকী বজ্রৰ নির্ঘোষ ।

মোৰ অনুভূতিৰ বিপদজনক দুৱাৰ দুফাল কৰি খোলা ।
যকৃতৰ সুখ শ্রুত সুস্থতাই জানো সকলো ?

তোমাৰ লগত মোৰ বিস্তৰ মতভেদ ।
বৰং যদিও দুষ্প্রাপ্য, তেজৰ স্বাভাৱীক ৰং মোৰ প্রিয় ।
মই এনেধৰণৰ সর্বাত্মক সংকটৰ মুখামুখি
যাৰ এফালে নির্বিষ বাস্তৱ, আনফালে অসম্ভৱ ভবিষ্যত

সংহত শব্দ
              -হীৰেণ ভট্টাচার্য
তোমাৰ বাবে
মোৰ সঞ্চিত এটি শব্দ
জপমালাৰ মণিৰ দৰে
আঙুলিমূৰত ঘুৰি ঘুৰি থাকে.........

যিদৰে
ঘুৰি থাকে
ৰাতিৰ আকাশত অন্ধ নক্ষত্র ।

তোমাৰ বাবে
এটি সহজ সুন্দৰ শব্দ......
হে অৰণ্য হে মহানগৰ

              -নৱকান্ত বৰুৱা
কার্ফুৰ সময় হ’ল ।
সূর্যস্নাতা নগৰীৰ আঁচলৰ শেষ ৰশ্মিকণো
শুহি ল’লে ৰাতিৰ আকাশে ;
নিস্তব্ধ মৰণ নামে । নগৰীৰ ধমনীত কাৰো অনুভৱ
কাজিৰঙা ডবকাৰ আৰণ্যক অপস্মাৰ
সৰীসৃপ-ক্রুৰ মৃত্যু... সর্পিল জীৱন ;
পলাতক দৈনন্দিন-নিয়ন-উজ্জল গধুলিৰ
ৰঙা নীলা শেতা মুখ
হেনা মধুমালা আৰু অলকানন্দাৰ......

পথ আৰু উপপথ গলি আৰু এভিনিউ
বোবা যন্ত্রণাত অন্ধকাৰ
পিচল মৃত্যুৰ সাপ ভৰিৰ তলেদি যায়
(পোহৰ পোহৰ ক’ত)
টেটুচেপা ট্রেফিকৰ দূৰৰ স্পন্দনে
ভয় আৰু আশ্বাসৰ জটিল উৎকন্ঠা আনে ;
(অৰণ্যত চকু জ্বলে বাঘ আৰু মেচেকাৰ)

জীৱন জীয়াই থাকে । তথাপি জীয়াই থাকে ।
আৰু থাকে জীৱিকাৰ গলিৰ সাঁথৰ
অমৃতৰ পুত্র আমি
মৃত্যু স্নাতা হে মহানগৰ !
পথাৰ
   - ৰাম গগৈ
শাওনৰ মেঘ মুক্ত নীলাকাশ ।
সূৰ্য্যস্নাত ক্লেদময় হে বিশাল পথাৰ...বিপুলসম্ভৱা !
নাঙলৰ সীৰলুত সোণফলা মাটিৰ কামনা
ঘৰ্মাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা ।

কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ
তুমি প্ৰাণময়, মোহময় জীৱন-মালিকা পথাৰ !
তোমাৰো স্বীকৃতি আছে, তুমি কোনোবা
আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস
আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয় সুত্ৰ ।

মৃতম্লান কৃষকৰ সাধনা কঠোৰ
নিৰন্ন, বিমৰ্ষ আৰু ক্লান্ত, শ্ৰান্ত সন্ধিয়াত
দু:চিন্তা দু:সহ হৈ পৰে । মহাজনী অৰ্থনীতি: দৈনন্দিন
লাভ আৰু ক্ষতিৰ গণনা ।
পাৰ ভাঙি পানী আহে ।
সোঁতৰ ছেৱে ছেৱে বাঢ়ে, নাচে আৰু হাঁহে ।

ক্ৰুৰ স্পৰ্শ: ফেনিল উত্তাল তৰঙ্গৰাজি,
বুকুৰ সেউজীয়া সপোনটোকে কাঢ়ি লৈ যায়,
বাধা নাই, অবাধে আহিল আৰু গ’ল । তেতিয়া
মই কান্দো, সি আৰু পথাৰেও ইনাই-বিনাই কান্দে ।

বিচিত্ৰ অভিব্যক্তি । সন্মিলিত কৃষকৰ সমস্বৰ দৃঢ়কন্ঠ
বিননিত বিদ্ৰোহৰ জাগৰণ আহে । অভ্যুদয় প্ৰভাতী চেতনা ।
অগ্নিদীক্ষা – দ্ৰুত অভিযান, অবিৰাম! অধিকাৰ
সংগ্ৰামৰ পথাৰত শ্ৰমজীৱী মানুহৰ তেজৰঙা ইতিহাস
লিখা হয় । পৰিবৰ্তন আৰু
হাল কোৰ-দালৈ নতুন যুগৰ অভিযাত্ৰী শ্ৰমিক কৃষক
পলাতক-উদ্বাস্তু, মহাজন, পুঁজিপতি, সমস্ত শোষক:
বানপানী পাৰ ভাঙি আৰু আহিব নোৱাৰে ।


কবিতা
              -অতনু ভট্টাচার্য
আপোনাৰপৰানো মই কি বিচাৰো

আপোনাৰ ৰাহি হোৱা অকণমান সুখ
আপোনাৰ বাহী হোৱা এটুপি চকুলো
আপুনি মিচিকিয়াই হাঁহোতে বিৰিঙি উঠা এচেৰেঙা
আপুনি উচুপি উঠোতে সৰিপৰা অলপ বৰষুণ

সেইখিনিৰ কাৰণেই মোৰ ইমান লৰা-ঢপৰা
সেইখিনিৰ কাৰণেই মোৰ ইমান হাহাকাৰ

তাৰ বাহিৰে মইনো কি বিচাৰি আমনি কৰিম
আপোনাক

আপোনাৰ হেৰাই যাব খোজা এটা দুপৰীয়াৰ স্মৃতি
কথা দি কথা নৰখা এটা ৰাতিৰ সপোন

সেইখিনি পালেই মই উভটি আহিব পাৰো
সেইখিনি পালেই মই সাজিব পাৰো
মোৰ জীর্ণ সপোনৰ ঘৰ
আবেদন বিচৰা হৈছে
              --নীলিম কুমাৰ
এটা বিপ্লৱৰ বাবে আপোনালোকৰপৰা
আবেদন বিচৰা হৈছে

বিপ্লৱৰ দর্শন প্রেম

প্রার্থীসকলৰ থাকিব লাগিব এই দর্শনৰ ওপৰত বিশ্বাস
তেওঁলোক হব লাগিব একো একোজন প্রেনিক বা প্রেমিকা
মানুহক চিনি পোৱাৰ যোগ্যতা তেওঁলোকৰ থাকিব লাগিব
তেওঁলোকৰ থাকিব লাগিব যন্ত্রণাদগ্ধ একোখন নির্বাসিত হৃদয় কিন্তু
তাত মানুহৰ তেজৰ সপক্ষে যুঁজ কৰাৰ দুর্দান্ত হেপাঁহ
জীৱনত ভুল কৰাৰ আৰু নৰকত দিন যাপন কৰাৰ অভিজ্ঞতা থকা বাঞ্চনীয়
যন্ত্রণাবিলাসী আৰু প্রেমত অতি কাতৰসকলৰ বাবে কেইখন্মান আসন
সংৰক্ষিত থাকিব
উদ্ভট চৰিত্রৰ প্রার্থীক অগ্রাধিকাৰ দিয়া হ’ব

বয়সঃ মৃত্যু পর্যন্ত
কিন্তু জীৱন আৰু জগতক বুজিবপৰা বয়সৰ কম হব নালাগিব
দৰমহাৰ কোনো নিৰিখ নাই
কাম অনুযায়ী দিয়া হ’ব তেজ, মৃত্যু অথবা জীৱন
সুখ বা দুখৰ মুদ্রা

আবেদন পত্র দাখিলৰ শেষ সীমা-গঁধূলি,মানুহে
মদ খাবলৈ ওলাই যোৱাৰ আগতে

ঠিকনাঃ নির্যাতিত বিদ্রোহী প্রেমিক
কার্যালয় – পথাৰ
ডাকঘৰ – হৃদয়
ভায়া – মাটি পানী জুই বতাহ আকাশ ইত্যাদি

     ঢৌ
               -নীলিম কুমাৰ
পানীত ঢৌ উঠিছে
ৰূপোৱালী সোণোৱালী ঢৌ

ঢৌবোৰ হৈছে মাছ

পানীত উজাই আহিছে ঢৌবোৰ
মানুহবোৰে জালেৰে জাকৈৰে তুলিছে ঢৌবোৰ

খালৈত ভৰি পৰিছে ঢৌবোৰ
মৈদাত লাগিছে ঢৌৰ তেজ

নিমখ হালধি ৰঙেৰে
জিলিকি উঠিছে ঢৌবোৰ

তিৰোতাবোৰে ঢৌবোৰেৰে ৰান্ধিছে দুপৰীয়া

বাতিত উপচি পৰিছে
ঢৌবোৰ

মানুহৰ পেটত সোমাইছে
ঢৌবোৰ

এটা অসম্ভৱ কবিতাৰ দৰে
সোণোৱালী ৰূপোৱালী ঢৌবোৰ

তেওঁৰ হাঁহি
           - নীলিম কুমাৰ
সেই মাৰাত্মক হাঁহিৰ ছুৰীৰে বিদ্ধ হ’বলৈ
মই আকৌ এবাৰ তেওঁৰ কাষলৈ যাওঁ ।
তেওঁৰ চুলিৰ সমুদ্রত নাও মেলি দিওঁ,
আঙুলিত বীণৰ তাৰ লাগি আকৌ এবাৰ
পগলা হয় মোৰ হৃদয়

আকাশখন গাত মেৰিয়াই লৈও মই
ঢাকি ৰাখিব নোৱাৰো মোৰ শূন্যতা ।
কতবাৰ যে এতা শিশুৰ দৰে এছাটি বতাহৰ দৰে
এটা ঢৌৰ দৰে তেওঁ ভাঙি পেলাইছিল মোৰ বুকুৰ
সৰু সৰু ঘৰবোৰ

দাৱনী হৈ তেওঁ আহিব বুলি
কিমান বাৰ যে মোৰ বুকুৰ পথাৰত
উপচি পৰিছিল হেমশস্য

সেই মাৰাত্মক হাঁহিৰ ছূৰীৰে বিদ্ধ হ’বলৈ
মই আকৌ এবাৰ তেওঁৰ কাষলৈ যাওঁ
পৃথিৱী বিয়পা হাঁহি ওঁঠত লৈ
তেওঁ যেন এক প্রাচীন শিশু ।

আমাৰ আকাশত চাৰিজনী জোন
                            -নীলিম কুমাৰ
আমাৰ আকাশত এতিয়া আছে
মাথো চাৰিজনী জোন

তাৰে তিনিজনীয়ে
গাখীৰ দিবলৈ এৰিছে
এজনীয়ে মাথোঁ বোৱাই আছে
ৰূপালী নিজৰা

এই আকাশৰ তলত
বহু কবিয়ে জোনৰ বাবে গান গালে
বহু কবিৰ হাতত ঠেৰেঙা লাগি মৰিল বহু জোন
বহু কবিয়ে নাৰীৰ চুলিত মেলি দিলে হেজাৰ হেজাৰ জোন
যিবোৰ আৰু ঘুৰি নাহিল

এতিয়া মাথোঁ চাৰিজনী জোন আছে
আমাৰ আকাশত

কবিসকলৰ পৰা
মই সেইকেইজনীক বচাব খোজোঁ
শিশুবোৰৰ বাবে ।

এহালি চকু
       -নীলিম কুমাৰ
এহালি চকুৰ পৰা এজাক তৰা উৰি গ’ল
আৰু মই তাতেই থাকিলো য’ত
সেউজীয়াবোৰ আৰু বাঢ়িব নোৱাৰে
ময়ো মাতিছিলো সেই মাত
ময়ো হেৰুৱাইছিলো মোৰ চকু এজাক তৰাৰ ডেউকাত

আজি গলি যোৱা সেউজীয়া গোন্ধৰ বিষাক্ত নামনিত
আকৌ দেখিছোঁ তৰা হ’বলৈ যোৱা সেই চকুহালি
যিয়ে স্পর্শসিক্ত এখন আঁচলৰ পৰা
মোক জুমি চাইছে
কবিতাৰ আকাশখন
                     - -সৌৰভ শইকীয়া
আপোনাৰ শুভকামনাই মোৰ ডেউকা হ’ব
যিয়ে এদিন আকাশ চুব

আপোনালৈ মোৰ শুভকামনাৰ
ৰঙা তেজ
কওক, ৰাতি পুৱাওক বুলি
আকাশখন কবিতাৰে ৰঙা হৈ যাওক
আপোনাৰ আনন্দৰ দিনবোৰ আৰু আনন্দৰ হওক
শুভায় ভৱতু
শুভ হওক
শুভ হওক

শস্য ৰমক জমক হওক
চৰায়ে খুটি খাব যাতে নোৱাৰে

শিমলু সাগৰ
              - সৌৰভ শইকীয়া
মন বননিৰপৰা
দুয়ো উৰা মাৰিছিলো ।

চিলা-চিলনীৰ পাক লৈ ঘুৰি ঘুৰি উৰি উৰি
আমাৰ স্বপ্নই বিচাৰি পালেগৈ আকাশত
এখন ৰঙা হেলিকপ্টাৰ

খিৰিকীৰে আমি জপিয়াব খুজিছিলো
আৰু থপিয়াই চিঙিছিলো ডাঁৱৰৰ ফুল

-      বাঃ বাঃ ! কেনেকৈ বৰষুণ পৰিছে !!
-      সৌৱা...সোৱণশিৰিৰপৰা পোহৰ ওলাইছে
-      চোৱা আমি কিমান ওপৰত
-      আৰু ঢৌ খলপীয়া চতিয়নাৰ দলংবোৰ কিমান তলত !

হঠাৎ ,
শিমলু শিমলু এটা গোন্ধ
য’ত বন্‌জুই লাগিছিল মেঘৰ চাপৰিবোৰত
কুকুঁহা হৈ তাতে, এজাক চাঁকনৈয়াত ডুবোঁতে
দেখিলো – আকাশৰ সিপাৰলে’
আৰু এখন সাগৰ

সাগৰ সাগৰ সাগৰ সাগৰ
সাগৰ শিমলু ফুলৰ
ৰঙা জাল টানি টানি
যদিও দুয়ো মুর্ছা গ’লো জোঁৱাৰত

আমাক চাবলৈ তাত কোনো নাছিল !

এজাক তৰাৰ বৰষুণ
              - সৌৰভ শইকীয়া

মই তান্সেন নহলো কিয়
উহ! মই তান্সেন নহলো কিয়
মেঘমল্লাৰ ৰাগেৰে বৰুণ দেৱতাক মাতিবলৈ

নক্ষত্রকন্যা অম্বালিকাই মাতে বৰষুণজাক
হাত মেলি মেলি আকাশলৈ চাই
তাই মাতি থাকে বৰষুণক
নিমন্ত্রণ বৰষুণ
আহা, সোমাই আহা
নঙলা খোলা মোৰ পদুলিভৰা গানৰ
নামি আহা বৰষুণ
টোপ টোপ টোপ টোপ মোৰ দুহাতত সৰি পৰা বৰষুণ,
                           বকুলৰ বৰষুণ
দলিত কাজলৰ ধেনুভিৰিয়া আকাশৰ পৰা তুমি নামি আহা
কুমাৰী তৰাবোৰৰ শিতানত শৰাই থৈ
মোৰ চহৰলৈ তুমি নামি আহা বৰষুণ
এই চালবোৰৰ ওপৰত বর্ষণ কৰা
গছৰ পাতৰ ফাঁকে ফাঁকে জাকে জাকে থোকাথুকি তোমাৰ ৰুণজুণ মাতেৰে
আমালৈ প্রেৰণ কৰা বৰষুণ, নতুন বৰষুণ
উহ ! তুমি নাহা কিয়, দেৰি কৰিছা ৰৈ আছোঁ বৰষুণ
ইয়াত খৰাং মাটি
ইয়াত খৰাং পানী
ঘৰলৈ গুছি নাযাবা পলম কৰিছা বৰষুণ
উদং আকাশৰ পৰা হাউলি আমাক আলিংগন কৰা
গর্ভকোষ সাৰুৱা কৰা
শস্য দিয়া
পাতৰ আগত ওলমি টোপালে টোপালে আমালৈ গান আনা বৰষুণ
মন শুভ্র ৰঙেৰে ঢৌৱাই দিয়া
কুঞ্জবন জগাই দিয়া
আমাৰ পথাৰৰ ওপৰত ঘোৰ খাই ছবিৰ দৰে তুমি জিলিকি থাকা বৰষুণ

ৰামধেনু দিয়া, দিয়া
পৃথিৱীৰ সকলো ঠাইতে বৰষুণ দিয়া
ঘুৰণীয়া ঘুৰণীয়াকৈ বৰষুণ দিয়া
সকলো মানুহৰে আকাশত
সকলো মানুহৰে পথাৰত
আশা ওপচাই দিয়া
ধুনীয়াকৈ বৰষুণ দিয়া
সমৃদ্ধিৰ বৰষুণ দিয়া
চেঁচা চেঁচা আকেশেৰে চেঁচা চেঁচা আঙুলিৰে চুই দিয়া চুই দিয়া
বৰষুণ, এবাৰ আমাক চুই দিয়া
এবাৰ  বৰষুণ
আলফুলকৈ বৰষুণ
বৰষুণ ! বৰষুণ !!

     তোমাক চাবলৈ বৰষুণ আহিছিল
             - সৌৰভ শইকীয়া
ঝর্ণা !
কি কৈছিলা কালি……জুন মাহৰ তেৰ তাৰিখ ?
বিষ্ণুৰাভা দিৱসৰ বাবে দীপক সংঘৰ বাকৰিত প্রায়বোৰ সদস্য আহি
গোট খাইছিল
কোৰাছৰ বাবে প্রেক্টিছ নাছিল
ফুর্তিতে হার্মনিয়ামটো আনো বুলি দৌৰি গৈ মই তোমাৰ ঘৰ ওলালোগৈ

থক্থক্থক্
থক্থক্থক্
তুমি নাই নেকি, নাই নেকি তুমি
তুমি পঢ়া কোঠাত নেকি
হেনা লগাই কুঁৱাৰ পাৰত
তুমি দেখোন ড্রয়িংৰুমটো নাই
পর্দা গুছাই চাত্কৰে খাৰুৰ জুন্জুননি ভুৰুৰ কঁপনি
তুমি দেখোনতুমি দেখোন

হাইঠা চৰাইৰ পাখিৰ তলত নৱগ্রহ পাহাৰত
সিদিনা বৰষুণজাক বলিয়াৰ দৰে বনাই ফুৰিছিল
হু হু কৰি খুন্দিয়াই খুন্দিয়াই
বতাহজাকে অদ্ভুত আচৰণ কৰিছিল
তুমি বাহিৰলৈ চাই আছিলা খিৰিকীৰে
খিৰিকীৰে তুমি কি চাই আছিলা
তোমাৰ অভেল বগা মুখ, নি বাহু, কাণৰ দুল
কি চাই আছিলা খিৰিকীৰে তুমি
তোমাৰ চুলি তোমাৰ নীল উর্ণা বাৰে বাৰে খেলিমেলি
                     আউল বাউল কৰি দি
সিদিনাৰ বতাহজাকে কি মজা পাইছিল নাজানো
ধাম্কৰি তুমি বন্ধ কৰি দিলা খিৰিকী
আৰু, আৰু কোনো নাটকীয় মুহুর্তত
জপিয়াই নামি আহি বৰষুণজাকো যেন ৰৈ গল থমক মাৰি !

তোমাক চাবলৈহে বৰষুণ আহিছিল
তুমি কিয় জপাই দিলা খিৰিকী
তুমি কিয় জপাই দিলা খিৰিকী ?

তুমি বৰষুণৰ ছোৱালী
তুমি বৰষুণ বোটলা ছোৱালী
বৰষুণ বোটলা ছোৱালীজনীয়ে জানে
কবিতা গছৰ পাতত লিখা থাকে
কবিতা গছৰ পাতত লিখা থাকে

সেই দিনটোলৈ তোমাৰ মনত নপৰে ?


ৰিভাৰভিউ গার্লছ হোষ্টেল 
                    - সৌৰভ শইকীয়া

ওৰে ৰাতি জোনাকৰ ভুকভুকনি……
আৰু এখিলা নুনিপাতৰ দৰে তাইৰ হোষ্টেলটোৱে লৰচৰ কৰে

দ্বিতীয়াৰ জোনাকত দেখি ৰূপালী টিনৰ লাহী লুইতখনি
তাৰ পাৰতে ৰৈ ৰেখাংকিত হোষ্টেলটো সৰু……
ত তাই শুই আছে ভৰি কোচাই কাতি হৈ
এটা দন্ত্য-দৰ দৰে এই ভংগীমা স্বপ্নময়, নাচি উঠা
জোনটোৱে যদি অভিসাৰ কৰিলেহেতেন
তাইৰ নিঃসঙ্গ স্তনে উচুপিছে
তাইৰ বাহুৰ ওজন নাই
দেওবাৰবোৰে ডাঠ বেদনা জাপি দিয়ে তাইক
প্রেম পর্বতলৈ যায় পলাই
প্রেম পর্বতলৈ যায় পলাই
কিয়নো দোভাগ নিশা তাইৰ হোষ্টেলটো হয় চৰাই
আৰু ডেউকা কোবাই কোবাই উৰি গৈ থাকে বগী ধকেধকি লুইতখনৰ ওপৰেদি
আজি উৰি যোৱাৰ কথা এই চৰাইটো
আজি……
লৰচৰহীন স্থিৰ আকাশ পথেৰে, অসীমলৈ
পানীপিয়া তৰাবোৰে ৰৈ ৰৈ যত চিঞৰ একোটা মাৰে

জোনাক ৰাতি টোপনি পাহৰি কাষলৈ মাতো ৰিভাৰভিউ, ৰিভাৰভিউ
হোষ্টেলতো নহয় !
চলনাময় চন্দ্রালোক

ঢেঁকীবোৰ কলৈ গ
              - সৌৰভ শইকীয়া
ৰৈ যাওঁ পদুলিমুখত চিইৰাঢেঁকীৰ ঢৌ শুনি
দেখা নাপাও কণ্মাইক
আৰু তাইৰ কঁকাল আহে কাষ চাপি
এইজনী কণমাই কণমাই এইজনী ঢেঁকী দিছে তাই কঢ়া নৈৰ এইপাৰে
আৰু সিপাৰে আইনাৰ দৰে পানী বাঢ়িছে

……চকু নাহৰ ৰঙৰ যুৰীয়া আবেলি ত এখনি সৰু
                           গাঁও আছিল আৰু এজনী গাভৰু ছোৱালী
এদিনেই তাইক ৰঙাকৈ দেখিলো ইয়াতেই, এইখিনিতেই
আমাৰ পঁজাৰ পিৰালি কাষত মাধৱীলতাৰ পাতৰ আঁৰত
মেঘবোৰে হাউলি আহি চেনী মাছৰ দৰে তাইৰ পিছল চুলিকোচাত
চপৰা চপৰে লাগি ধৰিছিল মই খুজিছিলোঁ ঐ ছোৱালী……
পিছলৈ চাই উভটা সোৱণশিৰিৰ দৰে তাই দেখোন দূৰলৈ দৌৰ মাৰিছিল
তাই নদী নেকি তাই নকয় নেকি
তাই যে দূৰলৈ গুছি যায়

ঢেংকুৰুচ্ঢেংকুৰুচ্ঢেংকুৰুচ্ঢেংকুৰুচ্
হঠাৎ আকৌ আকৌ বাঢ়ি আহে হঠাৎ ঢেঁকীৰ ঢৌ
ঢৌৱে ঢৌৱে নৈখন সাইলাখ সৌজনী
তাইৰ এখন ভৰি নাচিছে, আনখন সলাইছে পলকতে
দলদোপ্দলদোপ্সেই কলাফুল
ক্রমাৎ ৰঙা পৰি অহা বেলি……গাললৈ বৈ পৰা এজাক অবাধ্য চুলি
মন মোৰ কেনেবা কৰে

ঢেঁকী দিছে তাই কঢ়া নৈৰ এইপাৰে
আৰু সিপাৰে আইনাৰ দৰে পানী বাঢ়িছে


সংযোজনঃ
আপুনি নাহাঁহিব সপোনৰ কথা নহয় এইবোৰ, যদিও এতিয়া তাত ঢেঁকীবোৰ নাই
লৈ গল ঢেঁকীবোৰ ?
ৰহস্যময় নাৰদ হৈ উৰা মাৰিলে নেকি আকাশলৈ ?
আৰু কত হেৰাল সেই ছোৱালীবোৰ
কুকুৰা ডাকত উঠি যি ঢেঁকীবোৰক জগাই দিছিল,
                     আৰু ৰজন্জনাই আছিল আমাৰ চোতাল……