গুগল এডচেনচ (Google Adsense) কি? কেনেকৈ ব্যৱহাৰ কৰিব?

গুগল এডচেনচ ইন্টাৰনেট মাৰ্কেটিঙৰ আতাইতকৈ জনপ্ৰিয় ব্যৱস্থা । গুগল এডচেনচ হৈছে গুগলৰ
বিজ্ঞাপন সেৱা । সেৱা বোলাতকৈ ব্যৱসায় বুলিলেহে শুদ্ধ হ'ব । বিভিন্ন প্ৰতিস্থানে গুগল এডচেনচৰ জৰিয়তে নিজৰ সামগ্ৰীৰ বিষয়ে বিজ্ঞাপন দিয়ে । আৰু গুগলে সেই বিজ্ঞাপন বিভিন্ন ৱেবছাইটৰ জৰিয়তে ইন্টাৰনেট ব্যৱহাৰকাৰীৰ ওচৰ পোৱায় । এই বিজ্ঞাপনসমূহ আকৌ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে । কিছুমান হ'ব পাৰে CPM (Cost Per Million) অৰ্থাৎ প্ৰতি ১০০০ বাৰ দৰ্শনৰ মূৰত নিৰ্দিষ্ট পৰিমাণৰ ধন বিজ্ঞাপন প্ৰদৰ্শিত হৈ থকা ৱেবছাইটৰ গৰাকীয়ে লাভ কৰিব । অন্য এক প্ৰকাৰ হ'ল PPC (Pay Per Click) । এই প্ৰকাৰৰ বিজ্ঞাপন ৱেবছাইটত প্ৰদৰ্শন কৰিলেই ৱেবছাইটৰ গৰাকীয়ে ধন লাভ নকৰে, লাভ কৰিব যদিহে বিজ্ঞাপনত কোনোৱে টিপা (Click) মাৰিছে । প্ৰতি ক্লিকৰ বাবদ ৱেবছাইটৰ গৰাকীয়ে ধন লাভ কৰিব ।  গুগলে কেতিয়াও এটা ক্লিকৰ পৰা কিমান উপাৰ্জন কৰিব পাৰিব সেয়া জানিবলৈ নিদিয়ে । সাধাৰণতে এই পৰিমাণ .০১ চেন্টৰ পৰা ৪ ডলাৰলৈকে হ'ব পাৰে । বেছি উপাৰ্জনকাৰী বিজ্ঞাপন  নিৰ্ভৰ কৰে ৱেবছাইটটোত থকা সমল কিমান উন্নত মানদণ্ডৰ তাৰ ওপৰত । যিহেতু গুগল এডচেনচৰ পৰা গুগলে বাৰ্ষিক মুঠ ৰাজহৰ ৬৮% উপাৰ্জন কৰে, গতিকে বিজ্ঞাপনসমূহৰ বাবদ বিজ্ঞাপনদাঁতাৰ পৰা গুগলে যিমান ধন লাভ কৰে, তাৰ এটা অংশহে বিজ্ঞাপন প্ৰদৰ্শন কৰা ৱেবছাইটৰ গৰাকীয়ে লাভ কৰে । আৰু যিসমূহ ৱেবছাইট অধিক জনপ্ৰিয় আৰু অধিক ব্যৱহাৰকাৰী থকা ৱেবছাইটত বেছি লাভজনক বিজ্ঞাপন সংস্থাপন কৰে ।

যিহেতু এয়া এক বিশুদ্ধ ব্যৱসায়, বিভিন্ন ব্যৱসায়িক Terms and Conditions জৰিত হৈ আছে । ভূৱা ক্লিক (click fraud) ধৰা পেলাবৰ বাবেও গুগলৰ বিভিন্ন ব্যৱস্থা আছে । আপুনি হয়তো ভাবিছে এই click fraud আকৌ কি ? নতুন এডচেনচ ব্যৱহাৰকাৰীসকলে সাধাৰণতে বেছি উপাৰ্জনৰ আশাত নিজেই নিজৰ ৱেবছাইটত থকা বিজ্ঞাপনত বাৰে বাৰে ক্লিক কৰে অথবা কোনো বন্ধুৰ হতুৱাই ক্লিক কৰোৱায় । কিছুমান ৱেব ডিজাইনাৰে আকৌ কোনোৱে ক্লিক নকৰিলেও নিজে নিজেই ক্লিক হোৱাকৈ প্ৰগ্ৰাম লিখি থ'ব পাৰে । এনে ধৰণৰ ভুৱা ক্লিক ধৰা পেলাবলৈ গুগলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে । কেৱল ৱেবছাইট বা ব্লগ এটাৰ গৰাকী হ'লেই যে গুগল এডচেনচৰ জৰিয়তে বিজ্ঞাপন দিব পাৰিব তেনে নহয় । বৰ্তমান গুগলৰ পলিচি অনুসৰি এবছৰ বা ততোধিক সময় অতিক্ৰম কৰা, আৰু উচ্চ মানবিশিষ্ট ৱেবছাইটহে গুগল এডচেনচ বিজ্ঞাপনৰ বাবে বিবেচিত হয় ।

এই কথা মিছা নহয় যে বহুতো ৱেবছাইট বিজ্ঞাপনৰ জৰিয়তে উপাৰ্জন কৰা ধনেৰেই চলি আছে । আৰু বহুতেই ৱেবছাইট নিৰ্মাণ নতুবা ব্লগিং পেছা হিচাপে গ্ৰহণ কৰি বৃহৎ পৰিমাণৰ উপাৰ্জন কৰি আছে । Most earning bloggers বুলি গুগলত সন্ধান কৰিলেই আটাইতকৈ বেছি উপাৰ্জনকাৰী ব্লগাৰসকল আৰু তেওলোকৰ চকু কঁপালত তুলিব পৰা বাৰ্ষিক আয় জানিব পাৰিব । 
এডচেনচে বৰ্তমান ৩৬ টা ভাষাৰ ৱেবছাইটত বিজ্ঞাপন দিয়ে । দূ:খবৰ যে ভাৰতীয় ভাষাসমূহক এতিয়ালৈকে এই তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই ।

পুনশ্চ: সাধাৰণ দৃষ্টিত গুগল এডচেনচৰ জৰিয়তে ধন উপাৰ্জন কৰাটো বৰ সহজ যেন লাগিলেও দৰাচলতে কথাটো তেনে নহয় । প্ৰথম কথা এডচেনচ বিজ্ঞাপনৰ বাবে বিবেচিত হ'বলৈকে আপোনাৰ ৱেবছাইট বা ব্লগটোৱে প্ৰতিমাহে যথেষ্টসংখ্যক visitor পাব লাগিব । দ্বিতীয়, আপোনাৰ ৱেবছাইটলৈ অহা visitor য়ে আপোনাৰ ৱেবছাইটৰ পৰা তথ্য জানিবলৈহে আহিব, প্ৰতিজনেই যে বিজ্ঞাপনত ক্লিক কৰিব তেনে নহয় । তাৰ মাজৰেই দুই এজনে কৌতুহলবশত: দুই এটা বিজ্ঞাপনত ক্লিক কৰি দিবও পাৰে । যদি আপোনাৰ ৱেবছাইটত গুগলে দিয়া বিজ্ঞাপনসমূহ অধিক দামী নহয়, মানে যদি প্ৰতি ক্লিকত কেৱল .০১ ডলাৰমানকৈহে খৰছ কৰা হৈছে, তেন্তে আপোনাৰ উপাৰ্জন সহজেই অনুমেয় । তৃতীয়, আগতেই উল্লেখ কৰা হৈছে যে এয়া এক ব্যৱসায় । গতিকে, অন্য ব্যৱসায়ত থকাৰ দৰেই তীব্ৰ প্ৰতিযোগিতা অনলাইন ব্যৱসায়তো আছে । আপুনি আপোনাৰ ৱেবছাইটত যি কথা লিখিছে, সেই ধৰণৰ কথা থকা অন্য হাজাৰোধিক ৱেবছাইট পূৰ্বৰপৰাই ইন্টাৰনেটত থাকিব পাৰে । গতিকে, গুগলে কেতিয়াও প্ৰথমে আপোনাৰ ৱেবছাইটলৈ নিৰ্দেশ নকৰি অন্য ৱেবছাইটলৈ নিৰ্দেশ কৰিব । এডচেনচৰ সদস্য হোৱা মানেই একপ্ৰকাৰ আপুনি গুগলৰ ব্যৱসায়িক অংশীদাৰ হৈছে, গতিকে ব্যৱসায়ত লোকচান হ'বপৰা কোনো কামেই গুগলে সহ্য নকৰে । অৱশ্যে গুগল এডচেনচৰ দৰে অন্য বহুতো ad-serving প্ৰতিস্থান আছে । অসমীয়া ভাষাৰ ৱেবছাইট বা ব্লগত বিজ্ঞাপনৰ বাবে Chitika, bidvertiser আদি চাব পাৰে । 
সংযোগ: https://www.google.com/adsense/
(অন্য এটা ব্লগৰ পূৰ্বে প্ৰকাশিত লেখা। ব্লগিং আৰু এডচেনচ সম্পৰ্কীয় আৰু কিছু লেখা বিস্তাৰিতভাৱে অচিৰেই প্ৰকাশ কৰা হ'ব।)