(নুফুলো বুলি ফুলি উঠা ফুলৰ সোৱৰণী)
জেতুকা বোলাই আকাশত ৰৈ আছিলহি তৰালি
বিষণ্ণতা ঠেলি এই পথেৰে গুছি গ’ল বেলি
সপোনতে দেখিছিলো এৰাতি তোমাৰ ওঠৰ কৃষ্ণচুড়াৰঙী হাঁহি
কহুৱা কোমল বতাহত কপি থকা তোমাৰ দুচকু
হেমন্তৰ চাৰিয়ালিত ৰৈ থকা তৃতীয়াৰ জোন যেন
শীতৰ শেষত নিয়ৰ গচকি ফুলি উঠিব খোজা
শিমলু পলাশ মদাৰ, আৰু
অকাৰণতে বিয়পি যোৱা আলসুৱা হাঁহিৰ আবেলিবোৰ
কোনোৱেই আজিৰ এই বিষাদৰ বাবে দায়ী নহয়
যি বিষণ্ণতা বুটলি মই উভতি আহিছো
যি বিষাদে মোক স্বপ্নহীন নৈৰ ঢৌত উটুৱাইছে
জোলোঙাত সূর্য এটি কঢ়িয়াই ফুৰা মানুহজনে
এদিনযে বিচাৰি আহিছিল ৰ’দ
ঠিক তেনেদৰেই মইও বিচাৰি ফুৰিছো
ৰ’দৰ ঠিকনা
সোণাৰুবৰণীয়া এটোপাল ৰ’দ
সৰিয়হ হালধীয়া ৰ’দ
জিকাফুল বৰণীয়া ৰ’দ
ক’ৰবাত হেৰাই গৈছে ৰ’দবোৰ
ৰ’দ নাই আজি আমাৰ হেপাঁহৰ
ৰঙীণ পানচৈ উটুওৱা ঘাঁটত
বিষাদৰ ডাঁৱৰে বাট ঢাকি ধৰা যন্ত্রণাই
ভীষণভাবে ৰিক্ত কৰি তুলিছে মোক
আৰু হঠাত মই সৰি পৰিছো পপীয়া তৰা হৈ
মোৰ আকাশৰ পৰা……