ঋণাত্মক

কৈশোৰৰ শংখ নিনাদত মই যদি হেৰাই গ’লোহেতেন
হেঙুলীয়া বেলিৰ পিছফালে
বিষণ্ণতাৰ পাহাৰ অবগাহন কৰি
মই যদি ওলমি দিলোহেতেন
শেৱালীৰ পাতত কাঁচিজোন হৈ,
তুমি জানো পালাহেঁতেন মোৰ ঠিকনা !

বিষণ্ণতাৰ ঢৌ ফালি ফালি
বহুদিন মই, বহু শীতার্ত হেমন্ত মই
গৈ আছো হতাশাৰ নৈত নাও বাই......
সপোনৰ সেউজীয়া পি মাতাল নোহোৱাহ’লে
ধুমুহাৰ জাল ফালি উভটি নহাহ’লে
তোমাৰ হৃদয়ত জানো অংকুৰিত হ’লহেতেন
উন্মাদ জোনাকৰ গতিশীল বুৰঞ্জী !

হৃদয় মোৰ যেতিয়া বিষাদৰ নৈ
স্বপ্নই উটুৱাই দিয়েহি কৰুণ পান্‌চৈ
কুঁৱলীৰ ওৰণি ঢকা জীৱনৰ বাটত
ভয় আৰু নিৰাশাই বিধ্বস্ত কৰি দিয়েহি সমস্ত সপোন

তোমাৰপৰানো কি বিচাৰো মই –
তোমাৰ দুচকুৰ শিতানৰ এমুঠি জোনাক
বিশণ্ণতা ঢাকিব পৰা তোমাৰ স্বপ্নময় দুটিমান শব্দ
বিশ্বাসহীনতাৰ জাল ফালি বিশ্বাসৰ সূর্যৰ অঙ্কুৰণ...