সতেজ সুহুৰি এটি হৈ বুকুৰপৰা নামি গানটো নৈখনত নামিলহি
নীৰৱ জোনাক গছকি গুছি গ’ল পাহাৰৰ জোন
মোৰ নির্জন নীৰৱতাত দুটি স্বপ্নময় নয়নৰ সপোন ।
বুকুৰ এন্ধাৰ আতৰাই গুছি যাব পৰা হলে – সেই মায়াবী জোনক বিচাৰি
শব্দৰ শলিতা জ্বলাই পোহৰাব পৰা হ’লে হৃদয়
বহুদিন পোৱা নাই পখিলা পাখিৰ সুগন্ধ
বহুদিন পোৱা নাই স্বপ্নময় বৰষুণে তিয়াই পেলোৱা
কেচাঁ মাতিৰ সুঘ্রাণ
বহুদিন শুনা নাই
আগলি বতাহে কপাই থকা
দুটি নিম্পাতৰ মাজেৰে সৰকি অহা
নীল সাগৰৰ ৰূপালী গান ।
তথাপি, বুকুৰে উজাই অহা ব’হাগী বৰষুণত
সপোন দেখি থাকোঃ
বুকুত সপ্তসূর্যৰ নিতোল বন্দনাৰে মূখৰ
এটি সন্ধিয়া হৈ ওলমি ৰ’বহি
আমাৰ ৰামধেনুমূখী প্রার্থনাবোৰ
হেজাৰজনৰ বুকুত জোনাকী শিহৰণ তুলি
এই যেন বিয়পি পৰিব আমাৰ চুবুৰীৰ জোন
পাঁহি মেলি ফুলি উঠিব যেন
দেউতাৰ নাঙলৰ সীৰলুত অংকুৰিত
অলেখ অযুত ফাগুণ ……