নীৰৱ সংগীত

অচিনাকি ৰাগ এটি হৈ বৈ থকা চকুলোৰ বৰষুণত
বিধ্বস্ত ৰঙীণ পখিলা এজনী হৈ তেওঁ ৰৈ আছিল থমক মাৰি
বুকুত তপ্ত মেঘৰ কোলাহল,
ওঠৰ তলত বজ্রৰ নিনাদ লৈ
শীতল জোন এজনী হৈ
এই যেন সৰি পৰিব সেউজীয়া বিষাদৰ পথাৰত
হতাশ, স্তব্ধ আৰু বিবর্ণ তেওঁৰ দুহাতত
তেওঁ লৈ ফুৰিছে কুৱলীবুলীয়া সময়

মেঘৰ ওৰণিৰ তলত শিমলুৰ ধেমালি চাই চাই
তুমিও হ’ব খুজিছিলা নেকি সমব্যথী তেওঁৰ-
শিমলুৰ আঁচলত তেজৰ বৰষুণ হোৱা বেদনাৰ...
ইচ্ছা কৰিলে তুমি তেওঁক দান কৰি দিব পাৰা কিছু উষ্ণতা
ইচ্ছা কৰিলে ভৰাই তুলিব পাৰা তেওঁৰ দুহাত
চুমা আৰু শুভকামনাৰ অলংকাৰেৰে
উত্তাপবিহীন দিন আৰু স্বপ্নবিহীন তেওঁৰ ৰাতিবোৰ
ওপচাই পেলাব পাৰা ৰ’দৰ ৰঙেৰে
তেওঁৰ বাবেই নহয় জানো তোমাৰ বহুদিনীয়া
সপোনৰ নির্যাস
জলমল দুচকুতে তেওঁৰ লুকাই থকা নাই জানো
তুমি বিচাৰি ফুৰা পুঁৱতি তৰাৰ বাঁহী
দুচকুৰ নীল নৈত বুকুখন পখালিবলে’
তোমাৰ বাবেই তেওঁ যাচিছে নীৰৱ অনুমতি
তেওঁৰ বুকুৰ সৰোবৰত তুমি
খুলি থব পাৰা তোমাৰ দুহাত...

তেওঁৰ দুওঠৰ মাজতেইচোন সশব্দে বাজিব লাগিছে
তোমাৰ বাবে, পৃথিৱেৰ বাবে, মানুহৰ বাবে
অলেখ নক্ষত্রৰ প্রার্থনা সংগীত ...