জাল

মোৰ বুকুৰ ভিতৰে বাহিৰে
সুগন্ধি সোণাৰু ফুলি উঠা সময়তে
তেওঁ সপোন এটাক লৈ খেলিবলৈ আৰম্ভ কৰে
মোৰ দুচকুত সপোনবোৰ সৰে আহিনৰ নিয়ৰৰ দৰে
যাদুকৰৰ যাদুৰ দৰে...
আৰু সপোনত হিমালয়ৰ দৰে ওখ হৈ বাঢ়ে মোৰ আশাবোৰ
আৰু তেওঁ ভাঙি দিয়ে সপোন,
হেৰাই যায় সোণাৰু
খিলখিলাই হাঁহে তেওঁ


চিৰন্তন চলি থাকে এই খেল
হৃদয় ভঙাৰ বিপদজনক খেল
যেন তেওঁ সোণাৰু হৈ মোৰ চৌপাশে
মেলি ধৰে এটি হালধীয়া ছাটি
আৰু হালধীয়া ছাটিৰ সন্মোহনত
মই বাৰে বাৰে পিঞ্জৰাবদ্ধ হও
আৰু হেৰুৱাও হৃদয়ৰ ঠিকনা


মোৰ হৃদয়ৰ ঠিকনা চুৰ কৰিবলে’
তেওঁ কিয় জাল গুঠে বাৰে বাৰে
সোণাৰুৰঙী ছাটিৰ অচিলাৰে ???