বিহুৱতী সুৰ এটিৰ স’তে বুকুৰে উজাই আহে এজাক নীলা চৰাই
এই নীৰৱ উপত্যকালৈ শাৰদী জ্যোৎস্না নমাই
এজাক বতাহৰ চৰাই,
বতাহৰ ৰখীয়া এজাক চৰাই
মোৰ হৃদয়বৃক্ষৰ সেউজীয়া ডালত বহি সিহঁতে ঘুৰাই দিয়ে
মোক
মোৰ সেউজীয়া ল’ৰালি
বকুলৰ সুবাস আৰু আইৰ আঁচলৰ বতাহে কপাই থকা
বসন্তৰ এহেজাৰ আবেলিৰ কাহিনী
ডাঁৱৰৰ খিড়িকী মেলি
ৰ’দজাক সোমাই আহে আউলী বাউলী
হৈ
এটি নীলা নক্ষত্রৰ চাৰিওপিনে ৰৈ যেন
চৰাইজাকে গুণগুণায়
সৰা শেৱালিৰদৰে ৰাতিপুৱাবোৰক নিচুকায়
এই খিড়িকীৰ সিপাৰে
বাঢ়ি আহিছিল ক্রমশঃ নিৰৱতাৰ কোলাহল
একাকীত্বৰ যন্ত্রণাই বঢ়াই তুলিছিল দুখ আৰু এন্ধাৰৰ
মৰিচীকা
আৰু আজি ধুমুহাৰ মাজতে জোন হৈ, জোনাক হৈ
বসন্ত কঢ়িয়াই মোৰ বুকুলে’ সোমাই আহিছে নীলা চৰাইজাক
ক’ৰবাত বাজি উঠিছে প্রতিশ্রুতিৰ
বাঁহী
নীলা চৰাইজাক সদায়েই আহিব এই বাটেৰে
তুমি যে গুছি আহিলা এই বাটে !!