এমুঠি শিহৰণ

শীতলতাৰ সিপাৰত কি আছে
গম পোৱাৰ আগতে তুমি মোক তুলি ধৰাহি
এমুঠি কৃষ্ণচুড়া ফুলি উঠে আকাশত
তৰাবোৰ কৃষ্ণচুড়া হব নোৱাৰে
কৃষ্ণচুড়াযে তেজৰ ৰং


আমি যি সপোন দেখো
বিস্তীর্ণ নিশাৰ বুকুতোযে আঁকি থাকো উলাহৰ ফাগুণ
আমি উৰি যাও শইচৰ পথাৰৰ ওপৰেদি
এদিন আকাশৰ নীলাবোৰৰ তলেদি

সপোনবোৰৰ বাট আগচি অন্য এটা সপোন
জোনাকবোৰ নিগৰি পৰা সময়তে
এদিন মই গুছি যাম
বতাহৰ গীত গাই থকা ৰামধেনুৰ ওচৰলে
দৰ ৰঙেৰে ফুলি উঠা সৰিয়হবোৰৰ ওচৰলে
কাৰোবাৰ বুকুৰ শিহৰণবোৰৰ মাজলে