শব্দ

১।      জিলমিল ৰ’দৰ দুহাতত ধৰি
       আকাশখনৰ সিপাৰে হেৰাই যাব ধৰোতে
অচিনাকি চৰাইবোৰে আকাশখন বগাই খবৰ আনিলে –
টোকোৰা চৰাইৰ বাঁহত ৰামধেনু বিয়পি পৰাৰ খবৰ


২।      ক’ত ওলমি ৰৈ আছিল অৰণ্যৰ সপোন...
       হাতীপতিত বগাই ফুৰা উৰণীয়া তৰাবোৰৰ চকুপানী
       শেৱালী হৈ সৰোতে বননিত
       বাঢ়ি আহিব ধৰিছিল জোনাক
       জোনাকৰ বান আৰু শেৱাআলিৰ গানৰ মাজতো
       তোমাৰ বুকুৰে বাগৰে উচুপনি
       দুখত ভৰি পৰে চিৰসেউজ তোমাৰ লাহী আঙুলি

৩।     “জিলমিলিয়া কোমল বালি
তাহানিৰ কাহিনী কিয় শুনালি...”



৪।    কেতিয়াবা উচুপনিবোৰৰ নাম হৈ পৰে বর্ষা
আৰু হৃদয়ৰ সুৰুঙাইদি নিগৰি নামা তুমি
তোমাৰ নাম পাতে পাতে লিখা ৰয়
হালধীয়া সপোনবোৰৰ নামেৰে...