এখিলা আঁহত পাতৰ দৰে দুলি
থাকে সন্ধিয়াটো
নৈখনত সৰি পৰা প্রতিটোপাল
বৰষুণৰ বাবে
দিনৰ অস্তাচলত গজি উঠে এজাক জোনাকী পৰুৱা
নিস্তেজ নির্বাক আকাশখনে মেৰিয়াই ধৰি
তেওঁক লৈ যায় স্মৃতিৰ অৰণ্যত
সেউজীয়া বিচাৰি
-সাগৰ এখন সাঁতুৰি মুকুতা
বিসাৰি ফুৰিছিলো –
হঠাৎ কৈ উঠে তেওঁ
-উদ্ভিন্ন বতাহ এজাক নহা হ’লে
মাছমরীয়া সুহুৰি এটাত গাঠি লৈ মোৰ হৃদয়
মই নেহেৰুৱালোহেতেন মোৰ
অস্তিত্বক……
তেজৰ ৰঙেৰে আকাশ
ধুৱাই ফুলি উঠা
হেজাৰ বিজাৰ কৃষ্ণচুড়াৰ কাহিনী এয়া
বুকুৰ ৰঙেৰে আকাশ
ৰঙোৱাৰ প্ৰচেষ্টাৰ
সোণালী সপোন এয়া-
তোমাৰ পদুলিত আহিনমহীয়া শেৱালি ফুলে
শেৱালিৰ মতলীয়া গোন্ধত
তেওঁ তেওঁক হেৰুৱায় ।
কি যাদুৰে তুমি এজাক বৰষুণ
নমাই আনা !
শেষ নোহোৱা নিশা এটিৰ কাহিনী
হৈ
তোমাৰ পদুলিত ফুলি থাকে ৰজনীগন্ধা
ফুলি থাকে সকলো ঋতুৰ শেৱালি
জন যেন এপাহ দুপাহ বহুপাহ শেৱালিৰ সন্মোহনত
তেওঁ এৰি থৈ আহে বাৰে বাৰে
তোমাৰ নীলা আঁচলৰ তলত জাঁহ যাবলৈ……