বাৰে বাৰে হেৰুৱাও জীৱনক
মৃত্যুৰ সংগী হ’ব খোঁজো নীৰৱ চহৰৰ প্রাতঃভ্রমণত
বাৰে বাৰে এৰি আহো হালধীয়া ৰ’দৰ বতাহ
এৰি আহো অবাক এচেৰেঙা
সেউজীয়া ঘাঁহনিৰ স্বপ্ন
কোনে মোক মৃত্যুৰ ইমান ঘনিষ্ঠ কৰি তোলে
কোনে জ্বলায় কলিজাত সুগন্ধিহীন একুৰা জুই
বাৰে বাৰে কোনে উৰুৱায় নৈৰাশ্যৰ ক’লা নিচান
স্বপ্নবিহীন দিন ৰাতিবোৰ
যিদৰে জ্বলি উঠিছে
হৃদয়ৰ বাহিৰে ভিতৰে
ধোৱা আৰু ছাইৰ কোলাহলৰ মাজত
নিৰাশা আৰু হতাশাৰ সমদলৰ মাজত
এটোপাল বৰষুণৰ বাবে
মই মোক হেৰুৱাও
এবাৰ, দুবাৰ… বহুবাৰ …….