সপোন

ফুটগধুলিতে পঢ়া টেবুলত
কিতাপৰ পাতত লুকুৱাই
নচুৱাই থাকোতে সপোন এটি
কোমল ঘাঁহৰ আঙুলিত ধৰি
জোনজনী আহিছিল নামি ।

এটা কাহিনী আছিল আকাশখনৰ এইখিনিতে ।
ৰামধেনু এখন জোলোঙাত কঢ়িয়াই ফুৰা মানুহ এজনৰ কাহিনী
শেষনিশাৰ বৰষুণত সৰিপৰা
তৰাবোৰ বুটলি থাকোতে তেওঁৰ
কলিজাটো হেৰাই গৈছিল শেৱালি ফুলৰ অৰণ্যত...
হেৰোৱা কলিজাটো বিচাৰি তেওঁ
মোৰ ওচৰলৈ আহে
আৰু কাঢ়ি লব খোজে মোৰ সমুখৰ সমস্ত জোনাক

ঠিক সেইখিনিতে
ফুটগধুলিতে পঢ়া টেবুলত টোপনি যোৱা মোক
মাৰ হাতে আহি দিয়েহি জগাই
চুচুকচামাককৈ জোনজনীক থও লুকুৱাই
বুকুৰ সংগোপন গহন বনত