খেল

এখন খেল –
সন্ধিয়াটোৰ স’তে গছপাতবোৰত ওলমি থাকিমঃ
                                আমি দুয়ো
প্রার্থনা সংগীতবোৰ শেষ হ’লে
তুমি মোৰ বুকুত বগাবা শামুক হৈ
শুহি নিবা মোৰ সমস্ত তেজ, উশাহ, স্বপ্ন
হৃদয় নামৰ বালিঘৰৰ চৌপাশে
এখন ৰামধেনুক হাতমেলি বহিবলৈ দিম
ৰু তুমি বালিঘৰ ভাঙিবা
ভঙা-গঢ়াৰ খেল শেষ হ’লে
তুমি উভটিবা সৰাপাতবোৰৰ স’তে
ৰু মই জ্বলি ৰ’ম শ্মশানত
অস্তমিত শলিতা এটি হৈ...