বৰষুণত অনুৰাগ


     বসন্ত বৈ আহক চকুৰে
       শিমলু বৈ আহক বুকুলে’.........
      
২     নির্জনতাৰ সৰোবৰৰপৰাও বুটলি আনিব পাৰো
       তোমাৰ হাঁহিৰ মুকুতা
       তুমি যদি কোৱাহি
-       এই মুহুর্ততে ,
ঠিক এই মুহুর্ততে ৰ’দৰ দৰে ফুলিবলে’
       বৰ মন গৈছে
       সোণাৰুৰদৰে সুহুৰিয়াবলে’ বৰ মন গৈছে
       মন গৈছে জোনাকী পৰুৱাৰ দৰে নাচিবলে’......

৩     এজাৰ ফুলা দেখিও বেজাৰ কৰা নাই বুলি জানো,
       পিছে গছবোৰে বতাহত ঠিকে ঠাকে খবৰ নপঠিওৱাহলে
       কেনেদৰে পালাহেতেন
       নিয়ৰে পাহি মেলি উৰাৰ খবৰ !
       ৰাতিপুৱাৰ হাহি দেখিছা যদি
প্রশান্ত জুৰিৰ দৰে নামি নাহা কিয়
শিলবোৰক ৰ’দৰ ডেউকা পিন্ধাই
হাতত হাত থৈ, মাতত মাত থৈ

৪     এইপাৰে বৰষুণ মানেই সাগৰ
       পথাৰৰ সেউজীয়া হাঁহি
       শেষ হোৱাৰ কাহিনী নহয় যেন
       বিহঙ্গম ডেউকাৰ তলত আৰম্ভণিৰ বাঁহী

৫     ৰ’দৰ শিতানত ৰামধেনুৰ দৰে
                     ওলমি থাকো ব’লা
       কুৱলী আৰু সৰাপাতে ঢাকি ৰখা
দিনবোৰ চিকুণাই আগবাঢ়ি গৈ থাকো ব’লা
হাতত হাত থৈ, মাতত মাত থৈ...