বৰষুণৰ কোনো আয়োজন নাছিল
মোৰ দুচকুত তুমি গুজি দিছিলা তোমাৰ দুহাত
লিহিৰি আঙুলিয়ে বিন্ধিছিল দুচকুত
মেঘবোৰৰ মাজৰপৰা সৰু পাহাৰ এখন উৰি আহোতে
তুমি কৈছিলা – যাওঁগৈ ব’লা
কৃষ্ণচুড়াৰ ৰঙেৰে বগাই ।
তোমাৰ কথাবোৰৰ সুৰুঙাইদি ওলাই
বুকুৰ ভিতৰত তোমাকেই লও সাৱটি
এচেৰেঙা আকাশৰ মোহনাত ৰৈ
তুমি ক’লা – যাওঁগৈ ব’লা –
সৰাপাতবোৰৰ মাজেৰে বর্তমানলে’ উভতি