নৈসর্গ উদ্‌যাপন


কোনোদিনেই আৰু উজাই নাহক চকুলোৰ ঋতু
কোনোদিনেই আৰু নিয়ৰ গছকি উভতি নাহক
       যন্ত্রণাৰ কাঁচিয়লী ৰ’দ
ইয়াতেই থমকি ৰওক সময়
তোমাৰ মাজতেই বিছাৰি পোৱা মোৰ পৃথিৱী
মোক আলিঙ্গন কৰিবলৈ দিয়া
জোনাক বৰণীয়া তোমাৰ হাঁহিৰ পদুম পাঁহিত
বুৰ যাবলৈ দিয়া মোৰ ওঁঠৰ শূন্যতা

কেৱল গানৰ সেউজীয়াই কপাই তোলক
পখিলা পাখিৰ তলত ৰুণজুণ বৰষুণ

নিঃশব্দে তোমাৰপৰা মোলৈ-
মোৰপৰা তোমালৈ বিয়পি থকা শব্দবোৰ
আকৌ এবাৰ প্রাণ পাই উঠক
আকৌ এবাৰ ফুলি উঠক নিঃশব্দ গানবোৰ তৰাফুল হৈ...

আমি আকৌ এবাৰ আবেগত বুৰ যাম-
অচিনাকি মেঘবোৰৰ সিপাৰত মই ৰৈ থাকিম
আবেলিৰ হেঙুলীয়াবোৰত ওলমি ওলমি
তোমালৈ গান আনিম, তোমালৈ বৰষুণ আনিম
হেঙুলীয়া ৰ’দ এজাক হৈ তুমি যদি থাকা ৰৈ
মোৰ বুকুৰ উদং পথাৰত......