সপোনত ফাগুণ

আঁইৰ আচঁলত কপি থাকে মোৰ উশাহ

কপৌফুলৰ দৰে আইৰ আচঁলত ওলমি ৰয়
স্মৃতিৰ সেউজীয়া বগাই উভতি অহা বহাগৰ দুপৰীয়া
নিৰন্ন ৰাতিৰ শেষ বৰষুণজাক ওঠত গুণগুণাই
মোৰ বুকুৰে নাওবাই যায় কোন নাৱৰীয়া


-এজাক ফুলৰ দৰে ফুলি উঠিবা যিদিনা জকমকাই
আমি সুখী হ’ম,
সাহসী হৈ উঠিম হাতমেলি চুই পেলাবলে আকাশৰ জোন
জোনৰ দৰেই ডাঙৰ হোৱা সোণ
--আয়ে কৈছিল ।


টেবুলত পাতি থোৱা লাপলাছৰ সূত্রই
আঁইৰ ওচৰলৈ যাবলৈ নিদিয়ে মোক


তেজলগা আঁচলৰ তলত ফুলি উঠিছে মোৰ চৌপাশে
হেজাৰ বিজাৰ শিমলু
ক’ৰবাৰ পৰা বুকুৰ ভিতৰলে সোমাই আহিছে
বহুত বিষণ্ণ আবেলি
উস কি হাড়কটা বিষণ্ণ জোনাক বুকুৰ ভিতৰত
ফাগুণ দূৰলৈ গুছি যা………………
সৰাপাত দূৰলৈ আঁতৰি যা………..