শেহতীয়াকৈ উচ্চ প্ৰযুক্তিসম্পন্ন হাৰ্ডৱেৰ নিৰ্মাণত বিশেষ গুৰুত্ৱ দিছে গুগলে । বিগত বৰ্ষত গুগল গ্লাছ মুকলিৰে প্ৰযুক্তিৰ বজাৰত চাঞ্চল্যৰ সৃষ্টি কৰা গুগলে এইবাৰ বজাৰত মুকলি কৰিবলৈ ওলাইছে
দেখিবলৈ এটা পেনড্ৰাইভৰ দৰে আৰু আকাৰতো তেনেই ক্ষুদ্ৰ Chromecastক টেলিভিছনৰ HDMI portৰ সৈতে সংযুক্ত কৰিলেই ই সক্ৰিয় হৈ পৰিব আৰু Chromecastৰ সকলো সেৱা উপভোক্তাই গ্ৰহণ কৰিব পাৰিব । স্মাৰ্টফোনকে ধৰি অন্য কিছু সমলৰপৰা Streaming media(ভিডিঅ', অডিঅ' আদি) গ্ৰহণ কৰিব পৰাৰ ক্ষমতা থাকিব Chromecastঅৰ ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বজাৰত $35 মূল্যৰে মুকলি কৰিবলগা Chromecastঅক গোলকীয় বজাৰত কেতিয়াকৈ মুকলি কৰি দিয়া হ'ব সেই সম্পৰ্কীয় কোনো আচনি গুগলৰ তৰফৰ পৰা সদৰী কৰা হোৱা নাই । টেলিভিছন চেনেল উপভোগ কৰাৰ লগতে ৱেবকাষ্টৰ সুবিধা থকা এই প্ৰযুক্তিয়ে ব্যৱহাৰকাৰীৰ পৰা কেনে সমাদৰ পায় সেয়া হ'ব লক্ষণীয় ।
(পূৰ্বে অন্য এটা ব্লগত লিখা এই লেখাটো ইয়ালৈ আনি সেই ব্লগটো অপ্ৰকাশিত কৰি দিলো।)
(পূৰ্বে অন্য এটা ব্লগত লিখা এই লেখাটো ইয়ালৈ আনি সেই ব্লগটো অপ্ৰকাশিত কৰি দিলো।)