গুগলৰ নতুন Chromecast : টেলিভিছন সংযোগী প্ৰযুক্তি

শেহতীয়াকৈ উচ্চ প্ৰযুক্তিসম্পন্ন হাৰ্ডৱেৰ নিৰ্মাণত  বিশেষ গুৰুত্ৱ দিছে গুগলে । বিগত বৰ্ষত গুগল গ্লাছ মুকলিৰে প্ৰযুক্তিৰ বজাৰত চাঞ্চল্যৰ সৃষ্টি কৰা গুগলে এইবাৰ বজাৰত মুকলি কৰিবলৈ ওলাইছে
Chromecast . গুগল গ্লাছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বজাৰত সমাদৰ পাবলৈ ধৰাৰ সময়তে Chromecast মুকলিৰ ঘোষণাক তাৎপৰ্যপূৰ্ণ বুলি ভবা হৈছে। যদিও Appleৰ পৰা ধাৰণা(concept) চুৰি কৰি গুগল গ্লাছ নিৰ্মাণ কৰা বুলি অভিযোগ উঠিছিল, শেহতীয়াকৈ আমেৰিকাৰ বজাৰত সমাদৃত হ'বলৈ লৈছে Google Glass. এনে সময়তে গুগলে ঘোষণা কৰিছে উচ্চ প্ৰযুক্তিৰে নিৰ্মিত টেলিভিছন ডংগ'ল Chromecast . উল্লেখ্য যে ইয়াৰ জৰিয়তে গুগলে একে ধৰণৰ Apple TVৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ সক্ষম হ'ব বুলি ধাৰণা কৰা হৈছে । Chromecastৰ জৰিয়তে HBO কে ধৰি কেইবাটাও টেলিভিছন চেনেলৰ কাৰ্যক্ৰমণিকা সম্প্ৰচাৰ কৰাৰ লগতে YouTube, Vimeo, Netflix আদি ভিডিঅ' সম্প্ৰচাৰণ ৱেবছাইট, songza, Pandora আদিৰ সংগীত পোনপটীয়াকৈ উপলব্ধ হ'ব । লগতে বিভিন্ন App ডাউনল'ডৰ বাবে থাকিব Google Play.
            দেখিবলৈ এটা পেনড্ৰাইভৰ দৰে আৰু আকাৰতো তেনেই ক্ষুদ্ৰ Chromecastক টেলিভিছনৰ HDMI portৰ সৈতে সংযুক্ত কৰিলেই ই সক্ৰিয় হৈ পৰিব আৰু Chromecastৰ সকলো সেৱা উপভোক্তাই গ্ৰহণ কৰিব পাৰিব । স্মাৰ্টফোনকে ধৰি অন্য কিছু সমলৰপৰা Streaming media(ভিডিঅ', অডিঅ' আদি) গ্ৰহণ কৰিব পৰাৰ ক্ষমতা থাকিব Chromecastঅৰ ।
  আমেৰিকা যুক্তৰাষ্ট্ৰৰ বজাৰত $35 মূল্যৰে মুকলি কৰিবলগা Chromecastঅক  গোলকীয় বজাৰত কেতিয়াকৈ মুকলি কৰি দিয়া হ'ব সেই সম্পৰ্কীয় কোনো আচনি গুগলৰ তৰফৰ পৰা সদৰী কৰা হোৱা নাই । টেলিভিছন চেনেল উপভোগ কৰাৰ লগতে ৱেবকাষ্টৰ সুবিধা থকা এই প্ৰযুক্তিয়ে ব্যৱহাৰকাৰীৰ পৰা কেনে সমাদৰ পায় সেয়া হ'ব লক্ষণীয় ।
(পূৰ্বে অন্য এটা ব্লগত লিখা এই লেখাটো ইয়ালৈ আনি সেই ব্লগটো অপ্ৰকাশিত কৰি দিলো।)