এইদৰেই দিন ৰাতি


-->
বৰষুণৰ আকাশৰ দৰে বিজুলী চমকিছিল তেওঁৰ দুচকুত
অবিন্যস্ত চুলিৰ ভাঁজত তেওঁৰ হেঙুলীয়া আঙুলি
যেন বসন্তৰ সেউজীয়া পাৰঘাটত চমত্কাৰ এখন পানচৈ
দূৰণিত যেন চিলা উৰিছে -
(চিলা নে জোন? - অস্পষ্ট ! )


বুকুখন মোৰ কঁপি উঠে
ঠিক যেন এক অচিন জংচন অভিমূখী ৰেল
শেষনিশাৰ স্বপ্নক কঁপাই গৈ থাকে

সপোন বাঢ়ি আহে বেছিকৈ
খিৰিকী খুলিলেও সোমাই আহে সপোনবোৰ
আৰু মোক মেৰিয়াই বান্ধি যায়
অচিন বিষাদেৰে মোক কন্দুৱায়
জোনাকী পৰুৱাবোৰে বুকুৰ শিতানত তৰা হৈ সুহুৰিয়ায় ।


হঠাৎ
নিয়ৰৰ কণিকা হৈ বকুল এপাহত সৰি পৰিবৰ মন গ'
হঠাত্ দলং এখনেদি দৌৰি পাৰ হ'বলৈ মন গ'
হঠাত্ সোণাৰু হৈ ফুলিবৰ মন গ'
হঠাৎ
তেওঁৰ আঙুলিৰে
মোৰ কেচাঁ কলিজাক চুই চাবৰ মন গ'
তেওঁৰ আকাশত পুৱাৰ সূৰ্য হ'বলৈ মন গ'


যদি আমাৰ এখন উমৈহতীয়া আকাশ থাকিলহেতেন
যদি প্ৰতি দোকমোকালি তেওঁৰ আঙুলিত ধৰি জী উঠিব পাৰিলোহেতেন
যদি তেওঁৰ হাতত হাত থৈ পাৰ হৈ যাব পাৰিলোহেতেন
এই বিষণ্ণ দিনবোৰৰ সিপাৰলে'


দলং এখন বাঢ়ি আহে মোৰ চেতনাত
সংশয়ৰ নিশাবোৰ পিছলৈ ঠেলি
সম্ভাৱনাৰ সপোনবোৰ আগবাঢ়ে আজিও
যেন এক স্বপ্নৰ ৰেলগাড়ী !!