হেপী ভেলেন্টাইনচ ডে'


আজি পুনৰ তোমাৰ প্ৰেমত পৰিম
যান্ত্ৰিক বিলাসিতাৰ খৰছী উদযাপনৰ অংশীদাৰ হ'ম এবাৰ ।
জাহ যাম বাণিজ্যিক সভ্যতাৰ বহুৱালিবোৰত ।

তুমি নাজানা -
আকাশৰ ৰং নীলা নে বেঙুণীয়া
নাজানা গামখাৰু খায় নে পিন্ধে ।
জেতুকাবুলীয়া লিহিৰি হাতৰ পচোৱা তোমাৰ অচিনাকি
তুমি জানা মাথো পিংক লিপষ্টিক, 'লা কাজল অথবা সোণালী হেনা ।

আৰ্চিছ কাৰ্ডৰ সন্মোহনত তুমি
সহজেই বিক্ৰী কৰা হৃদয়
ধূমায়িত আন্ধাৰত ডুব গৈ
ৰঙীণ পানীয়ৰ গিলাচত ওঠ জুবুৰিয়াই
তুমি সঘনাই পান কৰিব খোজা জীৱনৰ ৰস


সচাঁ মানুহৰ জীৱনী
সচাঁ মানুহৰ প্ৰেম
তোমাৰ বাবে অনৰ্থক পৃথিৱী
অনৰ্থক তোমাৰ বাবে
কিমান টোপাল ঘাম নাঙলৰ সীৰলুত মিলি
পৃথিৱী সাৰুৱা হয়
কিমান মৰ্মবেদনাত আত্মহত্যা কৰে
পাৰিশ্ৰমিকবিহীন শিক্ষকজনে
সংস্থাপনহীন যুৱকজনৰ ক্ষোভে
চুব নোৱাৰে কোনোদিনে
কাৰণ
ভোগবাদৰ ঔৰসত জন্মা তুমি যে এগৰাকী
আধুনিকা ডাইনী ।

আজি পুনৰ এবাৰ প্ৰেমত পৰিম তোমাৰ
সভ্যতাৰ পংকিলতা আৰু জটিলতাই কোঙা কৰা
হৃদয়খন উলিয়াই সমৰ্পণ কৰিম তোমাক
সুকোমল 'টেডি বিয়েৰ'ৰ উপহাৰেৰে ভৰুণ
তোমাৰ দুহাতলে' চাই
তোমাৰ স'তে একেলগে ক'-
হেপী ভেলেন্টাইনচ ডে' !!