অব্যক্ত


ব খোজা কথাবোৰ বুকুতে ৰৈ যায়
শব্দৰ ভৰাল উকাঁ ।
দুহাতত আঁজলিভৰা সপোন
উকা পথাৰত যেন উৰুৱাম সেউজীয়া চিলা ...

বাৰে বাৰে আউল লাগি যায়,
লক্ষ্যস্থান পাহৰি আৰম্ভ হয় মোৰ ওভটনি যাত্ৰা
পথৰ সিপাৰত তথাপিও খৰিকাজাইৰ দৰে ফুলিছে মোৰ আশা
ৰৈ আছে সেউজীয়া ভৱিষ্যতৰ প্ৰত্যাশা