দীপাৱলী ইত্যাদি... আৰু কিছু প্রাসংগিক চিন্তা



            অক্টোবৰ মাহ সোমোৱাৰ লগে লগে ভাৰতত যেন উৎসৱৰ জোঁৱাৰ উঠে । দশেৰা, দুর্গাপূজা, মহালয়া, কালীপূজা, ধনতেৰাছ, দেৱালী আদি অনেক । প্রাকৃতিক পৰিৱর্তনৰ দিশৰপৰা চাবলৈ গ’লে, গ্রীষ্মৰ শেষত শৰত ঋতুৰ আগমনে সঁচাকৈয়ে পৰিৱেশৰ লগতে মন প্রাণলৈও এক সুখকৰ সজীৱতা আনি দিয়ে । সেইবাবেই হয়তো এই সময়চোৱাতেই বিভিন্ন উৎসৱসমূহ পালন কৰাৰ প্রচলন হৈছিল । জীৱন-যুদ্ধৰ সকলো দূখ পাহৰি সমূহীয়াভাৱে জীৱনৰ কিছু পল উদ্‌যাপন কৰিবলৈ আৰু আৰাধ্য দেৱ-দেৱীৰ অর্চনা কৰিবলৈ এই উৎসৱসমূহে মানুহক দিছিল অফুৰন্ত সুবিধাকিন্তু পৰিৱর্তিত সময়ৰ লগে লগে এই উৎসৱসমূহৰ চৰিত্রৰো পৰিৱর্তন হোৱা পৰিলক্ষিত হোৱা নাইনে ? এই উৎসৱসমূহ হৈ আছেনে মার্জিত আনন্দ আহৰণৰ উৎসৱ ? ধণাত্মক উত্তৰ দিয়াটো খুবেই কঠিন হ’ব । পূজিবাদী আৰু সাম্রাজ্যবাদী অর্থনীতিৰ কৰাল গ্রাসত পৰি উৎসৱবোৰে স্বকীয় ৰূপ কেতিয়াবাই পৰিত্যাগ কৰিবলৈ বাধ্য হ’ল । এতিয়া মাথো উৎসৱ পার্বণবোৰ হৈ পৰিল এচাম উচ্চ মধ্যবিত্ত আৰু মধ্যবিত্ত মানুহৰ বাবে লাভজনক ব্যৱসায় আৰু দৰিদ্রসকলৰ বাবে ৰামটাঙোনসদৃশ । মোৰ ব্যক্তিগত অভিজ্ঞতাৰপৰাই কও ঃ পশ্চিম বংগত দুর্গা পূজা আৰু কালী পূজা উদ্‌যাপনৰ যি উন্মাদনা, সেয়া হয়টো আন ক’তোৱেই বিচাৰি পোৱা নাযাব পূজাৰ বৰঙণি সংগ্রহৰ নামতো আয়োজকসলৰ যি বিৰক্তিকৰ জোৰ-জুলুম, সেয়া নেদেখিলে বুজিব নোৱাৰিব মই থকা দুর্গাপুৰ নগৰত ছত্রাবাসৰ বাহিৰত থকা ছাত্রসকলে পূজাৰ বৰঙণি হিচাপে কমেও দুশ টকা দিবলগাটো হেনো বাধ্যতামূলক নিয়ম লাধনৰ পাহাৰ গঢ়ি বহি থকাসকল আৰু নিজ পাৰিতোষিকতকৈ দহগুণ উৎকোচ গ্রহণ কৰি থকাসকলৰ পুত্র-পুত্রীৰ বাবে হয়তো এনেকৈ দুশ টকাৰ বাধ্যতামূলক বৰঙণি দিয়াটো কোনো ডাঙৰ কথা নহয়, কিন্তু নিম্ন মধ্যবিত্ত পৰিয়ালৰ নিজা উপার্জনৰ কোনো পথ নথকা ছাত্র এজনৰ বাবে এনেদৰে অতিৰিক্ত খৰছ কৰাটো কিমান অসহ্যকৰ কোনে বুজিব ?
        উৎসৱসমূহৰ লগত বহুজাতিক প্রতিষ্ঠানসমূহে লৈ অনা অন্যান্য বহুউপহাৰৰ লগতে এটা নতুন পৰম্পৰা হল এছ্এম্এছ্আজিকালি যিকোনো এটা উৎসৱ আহি পালেই তাৰ দুই তিনিদিনৰ আগতে বন্ধুবর্গৰ পৰা গণ্ডাই গণ্ডাই শুভেচ্ছামূলক বার্তাৰ জোৱাৰ উঠে মন কৰিব, যিদিনা উক্ত উৎসৱ পালন কৰা হয়, সেইদিনা কিন্তু আপুনি কোনো শুভেচ্ছামূলক বার্তা নাপায় ইয়াৰ ৰহস্যটো আকর্ষণীয় আৰু কিছু আমোদজনক বাইল ফোনৰ কোম্পানীসমূহে লুট্‌-পাটৰ অনন্য নমুনা হিচাপে উৎসৱ-পার্বণ থকা দিনটোত এছ্এম্এছ্প্রেৰণৰ মূল্য বর্ধিত হাৰত নিৰূপণ কৰে মই জনাত Text message সৰবৰাহ কৰাৰ বাবে কাৰিকৰী দিশত বৰ বিশেষ খৰছ নহয় । উপযুক্ত প্রযুক্তিৰ প্রয়োগেৰে তেনেই সামান্য মূল্যত অথবা সম্পূর্ণ বিনামূলীয়াকৈয়ে এনে বার্তা সৰবৰাহ কৰিব পৰা যায় । কিন্তু ভাৰতত ম’বাইল ফোন সেৱা প্রদানকাৰী কোম্পানীসমূহে text message প্রেৰণৰ বাবে উচ্চ মূল্য নির্ধাৰণ কৰি থৈছে আৰু গ্রাহকলৈ আগবঢ়াই দিছে “এছ্‌ এম্‌ এছ্‌ পেক্‌” । ফলত গ্রাহকে নিয়মীয়া ফোনকলৰ বাবদ দিবলগীয়া মূল্যৰ বাহিৰেও অতিৰিক্ত মূল্য খৰছ কৰি ক্রয় কৰিবলগীয়া হয় সুলভ এছ্‌ এম্‌ এছ্‌ সেৱাকিন্তু এনে সুলভ এছ্‌ এম্‌ এছ্‌ সেৱা বন্ধ কৰি দিয়া হয় উৎসৱৰ দিনটোত ।  সেইবাবেই আহি থকা উৎসৱৰ শুভকামনাৰ বার্তা তিনিদিনৰ আগতেই প্রেৰণ কৰি আজৰি হৈ লয় সকলোৱেৰু এই ব্যৱস্থাই বিপদত পেলায় আপোনাক । ধৰক দীপাৱলীৰ দিনা আপুনি কাৰোবাক অকণমান জৰুৰী কথা এটা জনাব খুজিছে । সৰুকৈ দুটা-তিনিটা শব্দৰে বার্তা এটা পঠিয়াই জনাই দিব পাৰি কথাটো, আৰু আপুনি তেঁওক ফোন কৰি আমনিও কৰিব খোজা নাই । কিন্তু বার্তা পঠিয়াবৰ বাবেও আপুনি ভৰিব লাগিব অতিৰিক্ত মূল্য আৰু নহ’লে আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে হ’লেও কৰিব লাগিব ফোনকল; কাৰণ এয়াযে দীপাৱলী, আনন্দৰ উৎসৱ !!
        অন্য এক প্রসংগলৈ আহিব খুজিছো : অসমত বাৰু এনেধৰণৰ উৎসৱসমূহৰ প্রভাৱ কেনেকুৱা ? মোৰ ব্যক্তিগত অনুভৱৰ পৰা, উত্তৰ ভাৰতীয় সংস্কৃতি আৰু মানসিকতাৰ লগত অসমীয়াৰ বিস্তৰ প্রভেদ আছে । সেইবাবেই সম্ভৱতঃ উত্তৰ ভাৰতীয়সকলে পালন কৰা দশেৰা, ৰক্ষা-বন্ধন, ধনতেৰাছ আদি উৎসৱসমূহ অসমত বিস্তৰ প্রচলন নাছিল । কিন্তু কিছুদিনৰ পৰা চ’চিয়েল-নেটৱর্কিং ছাইটসমূহৰ জৰিয়তে গম পোৱা মতে, তথাকথিত ‘আধুনিক’ অসমীয়াসকলে মহা উল্লাসেৰে পালন কৰিবলৈ লৈছে ধনতেৰাছ জাতীয় উৎসৱঅসমীয়া ‘আধুনিকা’ নাৰীয়ে পালন কৰিবলৈ লৈছে ‘কৰৱা চৌথ’ জাতীয় পৰম্পৰা , যিবোৰ অসমীয়া সমাজত পূর্বতে দেখা পোৱা নগৈছিল । ‘ৰক্ষা-বন্ধন’ নামৰ উৎসৱটোৱেও কিছুবছৰৰ পৰা অসমীয়া নতুনচামৰ মাজত খোপনি পুতি বহিছে । বহুজাতিক কোম্পানীসমূহে বানিজ্যিক স্বার্থত বহুলভাৱে প্রচাৰ কৰা ৰক্ষা-বন্ধন, ধনতেৰাছ, কৰৱা চৌথ আদি উৎসৱ পালনে কি ইংগিত বহন কৰে ? নিজৰ শিপা পাহৰি পশ্চিমীয়া সংস্কৃতিৰে নিজকে আধুনিক সজাবলৈ যোৱা আমিবোৰ প্রকৃততে কিমান আধুনিক আধুনিক মানসিকতাৰ গৰাকী ? মোৰ উত্তৰ ভাৰতীয় বন্ধু এগৰাকীৰপৰা জানিব খুজিছিলো এই উৎসৱসমূহৰ সম্বন্ধে । ধনতেৰাছ সম্বন্ধে তেঁও কৈছিল – এই উৎসৱত ধন-সম্পত্তি সঞ্চয় কৰাৰ চেষ্টা কৰে আৰু সন্ধিয়া তেঁওলোকে খেতি পথাৰত বন্তি জ্বলায় । মোৰ মনলৈ আহিছিল, কাতি বিহুত আমিও দেখোন সেয়াই কৰোকিন্তু আমি ধনতেৰাছ পালন কৰিবলৈ গৈ কাতিবিহুক পাহৰিছো কিয় ? কিমানখন পথাৰত এতিয়াও কাতি বিহুত বন্তি জ্বলে ? কিমানঘৰ অসমীয়া মানুহৰ চোঁতালত এতিয়াও আছে একোজোপা তুলসী গছ ; কাতিবিহুৰ সন্ধিয়া এগচি চাকি জ্বলাবৰ বাবে ? দীপাৱলীত লাখ লাখ টকা জ্বলাই পেলোৱা আমিবোৰে কিয় নেদেখা হ’লো কাতিবিহুৰ আকাশবন্তি ? কৰৱা চৌথ পালন কৰা আধুনিকা অসমীয়া মহিলাসকলে জানেনে গুৰুদুজনাৰ তিথি কেতিয়া পালন কৰা হয় ? গুৰুদুজনাৰ তিথিত তেওলোকে সোমাই পাইছেনে নামঘৰত ? বহুজাতিক কোম্পানীৰ বিজ্ঞাপনত ভোল গৈ আৰু হিন্দী টেলিভিছন ছিৰিয়েলৰ অন্ধ অনুকৰণত মংগলসূত্র নামৰ নতুন শিকলি পিন্ধিবলৈ লোৱা অসমীয়া মহিলাসকলে কিয় পাহৰি যায়, পুৰুষৰ ওচৰত পৰাধীনতাৰ প্রতীক বুলি তেঁওলোকে কপালৰ ৰঙা ফোট মোহাৰি পেলালে ! মংগলসূত্র পৰিধান আকৌ কেনেধৰণৰ নতুন গোলামিৰ মানসিকতা ? বহুদূৰ বাটকুৰি বাই তিৰুপতি মন্দিৰ দর্শন কৰিবলৈ দৌৰ ধৰাসকলে বুজি পায়নে অসমৰ নামঘৰৰ মাহ প্ৰসাদৰ সোৱাদ ? চীনৰপৰা আমদানিকৃত বেলুন, পুতলাৰে বজাৰ ভৰাই তুলি পূজাক ৰঙীন কৰিব খোজাসকলে জানেনে মাজুলীৰ মুখাশিল্পৰ কথা ?
                ...খেলিমেলি বহুত প্রশ্নই ভীৰ কৰিছেহি মনৰ মাজত । মধ্যবিত্ত মানুহে কেনেদৰে বাৰু বাচি থাকিব শ্বপিং-মলৰ হাজাৰ-বিজাৰটকীয়া প্রলোভনৰ পৰা ? সঁচাকৈয়ে আমিবোৰে বাৰু খুব সহজেই সাংস্কৃতিক ঔপনিৱেশবাদৰ ওচৰত শিৰ নত কৰি নিজকে হেৰুৱাই পেলালো নেকি ? নিজৰ স্বকীয় সাংস্কৃতিক পৰিচয় পাহৰি খিচিৰি সংস্কৃতি গ্রহণ কৰিব খোজা সকলক কোনে কিদৰে বুজাব ? সময় পৰিৱর্তনৰ লগে লগে সাংস্কৃতিক দুষ্কৃতিৰ এই দৃশ্যপটে কি ৰূপ পৰিগ্রহণ কৰিব, সেয়া চাগে’ সময়েহে কব পাৰিব !!!   
      (ফেচবুকৰ "অসমীয়াত কথা বতৰা" গোটৰ কিছু আলোচনাৰ দ্বাৰা অনুপ্রাণিত হৈ)